অসম

assam

ETV Bharat / bharat

ভাৰতত COVID-19 ৰ পৰা সৰ্বাধিক আৰোগ্য লাভ কৰিছে কাছাৰাগড জিলাত

কেৰালা ৰাজ্যৰ কাছাৰাগড জিলাত COVID-19 ৰ পৰা আৰোগ্য লাভ কৰিছে 37 শতাংশ লোকে । ভাৰতৰ ভিতৰত মহামাৰীবিধৰ পৰা আৰোগ্য লাভৰ এই হাৰ সৰ্বাধিক ।

ভাৰতত COVID-19 ৰ পৰা সৰ্বাধিক আৰোগ্য লাভ কৰিছে কাছাৰাগড জিলাত
ভাৰতত COVID-19 ৰ পৰা সৰ্বাধিক আৰোগ্য লাভ কৰিছে কাছাৰাগড জিলাত

By

Published : Apr 14, 2020, 9:57 AM IST

নিউজ ডেস্ক, 14 এপ্ৰিলঃ এটা ইতিবাচক খবৰ ! কিছুদিন পূৰ্বলৈ কৰ'ণা ভাইৰাচ সংক্ৰমণৰ হটস্পট হৈ থকা কেৰালাৰ কাছাৰাগড জিলাই যুঁজ দি বহু পৰিমানে পৰাস্ত কৰিবলৈ সক্ষম হৈছে মহামাৰীবিধক ।

বিগত তিনি দিনত কাছাৰাগড জিলাত COVID-19ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ 37 শতাংশ । য'ত সমগ্ৰ ভাৰতত 11 শতাংশ আৰু আমেৰিকাত মাত্ৰ 5.7 শতাংশ । লগতে 17 দিন ধৰি বাঢ়ি থকা কেচৰ পাচত সোমবাৰে কোনো নতুন COVID-19 ৰ কেচ পোহৰলৈ নাহিল জিলাখনত ।

ইপিনে কাছাৰাগড সাধাৰণ হাস্পতালত দেশৰ ভিতৰতে সৰ্বাধিক COVID-19 ৰোগী সুস্থ হৈ উঠিছে ।

দেওবাৰে সম্পূৰ্ণ সূস্থ হৈ উঠাৰ পাচত 26 জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দি ঘৰ যাবলৈ দিয়া হয় । এই ক্ষেত্ৰত নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়োৱা চিকিৎসালয়ৰ সমূহ কৰ্মী প্ৰশংসাৰ পাত্ৰ ।

কৰ'ণা ভাইৰাচ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ত থকা জিলাখনত মুঠ 165 গৰাকী ৰোগী চিনাক্ত হৈছিল । তাৰে মুঠ 60 গৰাকী সুস্থ হৈ উঠিছে আৰু 105 গৰাকী হাস্পতালত চিকিৎসাধীন হৈ আছে ।

জিলাখনত COVID-19 পজিটিভ লোককে ধৰি মুঠ 248 গৰাকীক সুকীয়াকৈ ৰখাৰ লগতে কোৱাৰেণ্টাইনত আছে 10,374 গৰাকী লোকক ।

ABOUT THE AUTHOR

...view details