অসম

assam

ETV Bharat / bharat

চীনৰ বিতৰ্কিত কুকুৰৰ মাংস উৎসৱকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কাৰ্তিক আৰিয়ানৰ

চীনৰ ইউলিন চহৰৰ এটি উৎসৱত কুকুৰ মাংস ভক্ষণ কৰা সন্দৰ্ভত মঙলবাৰে মত প্ৰকাশ কৰে বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে । এই বিতৰ্কিত উৎসৱ আহিলে অভিনেতা গৰাকী মৰ্মাহত হয় বুলি ছ'চিয়েল মিডিয়াযোগে সদৰি কৰে ।

By

Published : Jun 24, 2020, 1:31 PM IST

চীন
চীনৰ ইউলিন চহৰৰ বিতৰ্কিত কুকুৰ মাংস উৎসৱকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কাৰ্তিক আৰিয়ানৰ

নিউজ ডেস্ক, ২৪ জুনঃবলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানে মঙলবাৰে চীনৰ ইউলিন চহৰৰ গুয়াংসি ঝুয়াংয়েৰ স্বায়ত্বশাষিত অঞ্চলত পূৰ্বৰ পৰা চলি অহা কুকুৰ মাংসকলৈ কৰা বিতৰ্কিত উৎসৱৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

চীনৰ ইউলিন চহৰৰ বিতৰ্কিত কুকুৰ মাংস উৎসৱকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কাৰ্তিক আৰিয়ানৰ

মঙলবাৰে অভিনেতা গৰাকীয়ে ছ'চিয়েল মিডিয়াযোগে দুটি পোহনীয়া কুকুৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰে । লগতে ফটোখনৰ লগত পোষ্ট কৰে যে, "প্ৰত্যেক বছৰে চীনত উদযাপন হোৱা 'ইউলিন উৎসৱে' মোক মৰ্মাহত কৰে । #StopYulin#YulinMKB"

আনহাতে, কাৰ্তিক আৰিয়ানৰ চীনৰ এই বিতৰ্কিত উৎসৱ বিৰুদ্ধে মত প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টটোত কিছু সময়ৰ ভিতৰত এক মিলিয়নতকৈ অধিক লাইক অহাৰ লগতে বলিউড অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভূমি পেডনেকৰসহিতে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে প্ৰশংসা কৰে ।

উল্লেখ্য যে, কেৱল স্বাস্থ্য ভালে ৰখাৰ বাবে বন্যপ্ৰাণী তথা পোহনীয়া প্ৰাণী হত্যা কৰা নিষেধজ্ঞা জাৰি কৰা হৈছে যদিও চীনত কুকুৰৰ মাংসকলৈ উদযাপন কৰা 'ইউলিন উৎসৱ চলিয়ে আহিছে ।

নিউইয়ৰ্ক পোষ্ট অনুসৰি,চীনৰ দক্ষিণ-পশ্চিম অৱস্থিত ইউলিন চহৰত বিগত ১০ বছৰ ধৰি উদযাপন কৰি অহা এই বাৰ্ষিক উৎসৱত জনসাধৰণক আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শনকাৰীয়ে বিভিন্ন প্ৰজাতিৰ কুকুৰৰ মাংস প্ৰদৰ্শন কৰে ।

লগতে চাওকঃ বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল

ABOUT THE AUTHOR

...view details