নিউজ ডেস্ক, ২৫ মাৰ্চঃদেওবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে 10 জনীয়া এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । নিৰ্বাচনৰ পূৰ্বে এইয়া দলটোৰ নৱম সংখ্যক প্ৰাৰ্থীৰ তালিকা । বহু জল্পনা-কল্পনাৰ অন্তত দেওবাৰে প্ৰকাশিত কংগ্ৰেছৰ তালিকাখনত প্ৰাৰ্থীত্ব প্ৰদান কৰে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক । দলটোৰ কেন্দ্ৰীয় কমিটিৰ আলোচনাৰ পাচতেই কাৰ্তি চিদাম্বৰমক প্ৰাৰ্থীত্ব প্ৰদান বিষয়ত গ্ৰহণ কৰা হয় সিদ্বান্ত । তামিলনাডুৰ শিৱগংগা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে পি চিদাম্বৰমৰ পুত্ৰক ।
কংগ্ৰেছৰ টিকটত সংসদ গমণৰ কুচকাৱাজ পিতা-পুত্ৰৰ ! - বি কে হৰিপ্ৰশাদ
কংগ্ৰেছৰ 10 জনীয়া প্ৰাৰ্থী তালিকাত কাৰ্তি চিদাম্বৰম, শিৱগংগা সংসদীয় সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দিতা
ইয়াৰ পূৰ্বে, 2014 চনৰ লোকসভা নিৰ্বাচনত উক্ত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কাৰ্তি চিদাম্বৰমে । কিন্তু এই আই ডি এম কে (AIADMK)ৰ প্ৰাৰ্থী পি আৰ সেনথিৱনালনৰ হাতত পৰাস্ত হৈছিল কাৰ্তি চিদাম্বৰম । 2004-2009 চনলৈ এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে ।
উল্লেখ্য যে, দেওবাৰে প্ৰকাশিত কংগ্ৰেছৰ তালিকাত দলটোৰ জ্যেষ্ঠ নেতা বি কে হৰিপ্ৰসাদক দক্ষিণ বেংগালৰুৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে, পাপ্পু সিং আৰু উদয় সিঙৰ নাম সন্নিবিষ্ট কৰা হৈছে ।