নিউজ ডেস্ক, নৱেম্বৰ 9 :কৰ্টাৰপুৰ ক'ৰিডৰৰ দ্বাৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কৰ্টাৰপুৰ চাহিব ক'ৰিডৰৰ প্ৰতি থকা ভাৰতৰ আৱেগক বুজি পোৱাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক ধন্যবাদ জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
এই ক'ৰিডৰটোৱে পাকিস্তানস্থিত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ অন্তিম আশ্ৰয়স্থল গুৰুদ্বাৰ দৰবাৰ চাহিবৰ পৰা পঞ্জাৱৰ ডেৰা বাবা নানক মন্দিৰলৈ সংযোগ স্থাপন কৰিছে ৷
মুকলি হ'ল কৰ্টাৰপুৰ ক'ৰিডৰ প্ৰধানমন্ত্ৰী মোডীয়ে দেশক কৰ্টাৰপুৰ ক'ৰিডৰ সমৰ্পণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে ৷ তেখেতে লগতে কয় যে, ক'ৰিডৰ মুকলি আৰু সংহত তালাচী চকীয়ে জনসাধাৰণলৈ দুগুণে আনন্দ কঢ়িয়াই আনিছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, "আমি পৰিৱেশৰ প্ৰতি দায়িত্বহীন হৈ পৰিছো ৷"
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পতাকা জোকাৰি ক'ৰিডৰ মুকলি কৰাৰ লগে লগে 500 তীৰ্থযাত্ৰীয়ে পাকিস্তানস্থিত পাঞ্জাৱৰ নৰোৱাল জিলাৰ গুৰুদ্বাৰ দৰবাৰ চাহিব দৰ্শনৰ বাবে যাত্ৰা কৰে ৷ অৱশ্যে, গুৰু নানকৰ 550 তম্ জন্মজয়ন্তী উপলক্ষে 12 নৱেম্বৰতহে কৰ্টাৰপুৰ ক'ৰিডৰ মুকলি কৰা হ'ব ৷
পাকিস্তানত থকা কৰ্টাৰপুৰ ক'ৰিডৰৰ দ্বাৰ মুকলি কৰি পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সহিতে শিখ তীৰ্থযাত্ৰীসকলক আদৰণি জনাব ৷