অসম

assam

ETV Bharat / bharat

the Land of Generals নামে প্ৰখ্যাত দেশৰ একমাত্ৰ জিলাখন ! - লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈ

আমি ক’বলৈ লোৱা এই জিলাখন হৈছে কৰ্নাটকৰ পাহাৰীয়া কোডাভা জিলা ৷ বিশ্ববাসীৰ আগত ই কফি আৰু সেনাৰ বিষয়া-জোৱানসকলৰ বাবেও সমানে প্ৰখ্যাত ৷

the Land of Generals
the Land of Generals

By

Published : Apr 6, 2020, 2:18 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিলঃবিগত কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মথুৰাস্থিত ভাৰতীয় স্থলসেনাৰ প্ৰখ্য়াত ষ্ট্ৰাইক ক’ৰ, ফাৰ্ষ্ট ক’ৰৰ জেনেৰেল অফিচাৰ ইন কামাণ্ডিং, লেফটেনেন্ট জেনেৰেল অমৰদ্বীপ সিং ভিন্দৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে লেফটেনেন্ট জেনেৰেল কোদান্দা পুভাইয়া কৰিয়াপ্পাই ৷ এয়া ভাৰতীয় স্থলসেনাৰ নিয়ম অনুসৰি, হোৱা এক সাধাৰণ নিযুক্তি অথবা পদোন্নতি ৷ কিন্তু দেশৰ এখন ৰাজ্যৰ এখন জিলাৰ বাবে এই পদোন্নতি কোনো সাধাৰণ কথা হৈ থকা নাই, এয়া তেওঁলোকৰ বাবে এতিয়া হৈ পৰিছে এক গৌৰৱৰ গাঁথা ৷ কৰ্নাটকৰ ধুনীয়া পাহাৰত অৱস্থিত কফিৰ বাবে বিখ্যাত এই জিলাখন হৈছে কোডাভা জিলা ৷ এইখনেই হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ জিলা যিখন জিলাৰ পৰা দেশৰ স্থলসেনাত সৰ্বাধিকসংখ্যক তিনিগৰাকী কৰ্মৰত লেফটেনেন্ট জেনেৰেলে কাৰ্যনিৰ্বাহ কৰি আছে ৷

কোডাভা কৰ্নাটকৰ এখন ক্ষুদ্ৰ জিলা আৰু ইয়াত উৎপাদিত কফি জগত বিখ্যাত ৷ সমান্তৰালভাৱে এইখন জিলাৰ পৰা ভাৰতীয় সৈন্যবাহিনীৰ তিনিওটা অংগতে আছে বহুসংখ্যক বিষয়া তথা জোৱান ৷ আমি ক’বলৈ লোৱা এই কাহিনী হৈছে ভাৰতীয় স্থলসেনাৰ, য’ত এই জিলাখনে দেশৰ স্থলসেনাৰ দ্বিতীয় সৰ্বোচ্চ পদ, লেফটেনেন্ট জেনেৰেল, যাক থ্ৰী ষ্টাৰ ৰেংক হিচাপে জনা যায়, সেই পদবীত তিনিগৰাকীকৈ বিষয়া উপহাৰ দিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় স্থলসেনাৰ কথা ক’বলৈ হ’লে স্থলসেনাত সদ্যহাতে 90 টা লেফটেনেন্ট জেনেৰেল পদবী আছে আৰু ইয়াৰে তিনিটা পদবীত কাৰ্যনিৰ্বাহ কৰি আছে কোডাভা জিলাৰ তিনিগৰাকীকৈ মহাবীৰে ৷ এই তিনিওগৰাকী মহাবীৰ হৈছে লেফ. জেন. পিচি থিমায়া, লেফ. জেন. চিবি পোন্নাপ্পা আৰু সদ্য নিযুক্তিপ্ৰাপ্ত লেফ. জেন. চি পি কৰিয়াপ্পা ৷ ইয়াৰে লেফ. জেন. পিচি থিমায়াই আৰ্মী ট্ৰেইনিং কামাণ্ডৰ আৰ্মী কামাণ্ডাৰ হিচাপে আৰু লেফ. জেন. চিবি পোন্নাপ্পাই নৰ্থান আৰ্মী কামাণ্ডৰ চীফ অৱ ষ্টাফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ তিনিওগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী চমুকৈ এনডিএৰ পৰা শিক্ষাগ্ৰহণ কৰি স্থলসেনাত যোগদান কৰিছিল ৷

কোডাভাৰ তিনিওগৰাকী লেফ. জেন.

তিনিওগৰাকীৰ ভিতৰত লেফ. জেন. চিপি কৰিয়াপ্পাই হৈছে আটাইতকৈ কনিষ্ঠ ৷ তেওঁ 1984 চনৰ 9 জুনত ভাৰতীয় স্থলসেনাৰ ৰাজপুতানা ৰাইফলছৰ চতুৰ্থ বেটালিয়নত যোগদান কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ পৰা ভাৰতীয় স্থলসেনাৰ হৈ আফ্ৰিকাৰ মোজাম্বিক আৰু ইৰাকৰ কুৱেইটত কাৰ্যনিৰ্বাহ কৰিছিল ৷ ভাৰতীয় সেনাৰ ফাৰ্ষ্ট ক’ৰৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰ মিলিটাৰী সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

বৰ্তমান সময়ত লেফ. জেন. পিচি থিমায়াই হৈছে তিনিওগৰাকীৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ ৷ 1981 চনত ভাৰতীয় স্থলসেনাৰ মেকানাইজদ ইনফেন্ট্ৰি ৰেজিমেন্টৰ পঞ্চম বেটালিয়নত যোগদান কৰিছিল থিমায়াই ৷ ইণ্ডিয়ান মিলিটাৰী একাডেমীত নিজৰ প্ৰি কমিছন প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সময়ত একাডেমীৰ সৰ্বোচ্চ সন্মান স্বৰ্ড অৱ অনাৰ লাভ কৰিছিল থিমায়াই ৷ 2018 চনৰ 1 নৱেম্বৰত তেওঁ সেনাৰ কামাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰিছিল ৷ তেওঁ ভাৰতীয় স্থলসেনাৰ অন্তৰ্গত তথা মহাওস্থিত আৰ্মী ৱাৰ কলেজৰ কামাণ্ডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তাৰ পিচতে স্থলসেনাৰ 10 ক’ৰৰ কামাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰে ৷ বাকী দুগৰাকী লেফ. জেন.ৰ দৰে তেৱো ৰাষ্ট্ৰসংঘৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আৰু আংগোলাত এগৰাকী মিলিটাৰী পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পিচতে তেওঁ বাংলাদেশত ভাৰতৰ ডিফেন্স আট্টাচি হিচাপে কাম কৰিছিল ৷ পৰৱৰ্তী সময়ত 2018 চনৰ নৱেম্বৰ মাহত তেওঁ স্থলসেনাৰ মুখ্য অংগ তথা অতিকে গুৰুত্বপূৰ্ণ আৰ্মী ট্ৰেইনিং কামাণ্ডৰ কামাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰে ৷

লেফ. জেন. চি বনচি পোন্নাপ্পা হৈছে ভাৰতীয় স্থলসেনাৰ নৰ্থান কামাণ্ডৰ চীফ অৱ ষ্টাফ আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁক এই পদলৈ পদোন্নতি দিয়া হৈছিল ৷ 1985 চনৰ জুন মাহত ভাৰতীয় স্থলসেনাৰ মহৰ ৰেজিমেন্টৰ 2 বেটালিয়নত নিযুক্ত হৈছিল আৰু পৰৱৰ্তী সময়ত একেটা ইউনিটৰে কামাণ্ডাৰ হিচাপে পদোন্নতি লাভ কৰিছিল ৷ ৰাষ্ট্ৰসংঘৰ UNOSOM-II আৰু North Kivu Brigadeৰ অধীনত ক্ৰমে ছোমালিয়া আৰু কংগোত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট লেছ. জেন. পোন্নাপ্পা ৷

এইখিনিতে এটা কথা জানি থোৱা ভাল যে, ভাৰতীয় স্থলসেনাৰ দৰে বায়ুসেনা আৰু নৌ-সেনায়ো আমাৰ দেশৰ বন্ধু ৰাষ্ট্ৰসমূহলৈ এগৰাকী সেনাৰ প্ৰতিনিধি প্ৰেৰণ কৰে যাক আমি ডিফেন্স আট্টাচি হিচাপে জানো ৷ এইক্ষেত্ৰত যোৱাবৰ্ষত সকলো অভিলেখ ভংগ কৰি এগৰাকী মহিলা নৌ-সেনা বিষয়াক প্ৰথমবাৰৰ বাবে অন্য এখন ৰাষ্ট্ৰত ডিফেন্স আট্টাচি নিযুক্তি দিয়া হৈছিল ৷ আপোনালোক জানি আনন্দিত হ‘ব যে, সেই মহিলা বিষয়াগৰাকী হৈছে ভাৰতীয় নৌ-সেনাত কৰ্মৰত অসমৰ জীয়াৰী তথা লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈ ৷ তেওঁ সদ্যহাতে ৰাছিয়াত এগৰাকী সহকাৰী নাভেল আট্টাচি হিচাপে কৰ্মৰত হৈ আছে ৷

তিনিওগৰাকী বিষয়াৰ সৈতে ভাৰতীয় স্থলসেনাৰ দুগৰাকী বিশেষ বিষয়াৰ নাম সংযোজিত হৈ আছে ৷ ভাৰতীয় স্থলসেনাৰ এই দুগৰাকী বিষয়া হৈছে ফীল্ড মাৰ্শ্বাল কে এম কৰিয়াপ্পা আৰু জেনেৰেল কে এছ থিমায়া ৷ ফীল্ড মাৰ্শ্বাল কে এম কৰিয়াপ্পা হৈছে প্ৰথমগৰাকী ভাৰতীয় কমিছনড সেনা বিষয়া, প্ৰথমগৰাকী ভাৰতীয় স্থলসেনা প্ৰধান আৰু প্ৰথমগৰাকী ভাৰতীয় কামাণ্ডাৰ ইন চীফ ৷

বৰ্তমান সময়লৈকে কোডাভা জিলাৰ পৰা 11 গৰাকীকৈ সেনা বিষয়াই শীৰ্ষ পদবীলৈ অধিষ্ঠিত হৈছে ৷ ইয়াৰ উপৰিও কোডাগুৰ পৰা 20 গৰাকী মেজৰ জেনেৰেল আৰু চাৰিগৰাকীকৈ এয়াৰ মাৰ্শ্বালে কাৰ্যনিৰ্বাহ কৰিছে ভাৰতীয় সশস্ত্ৰ বাহিনীত, যিয়ে এই অঞ্চলটোত লেণ্ড অৱ জেনেৰেলছ হিচাপে প্ৰখ্যাত কৰি থৈছে ৷ অৱশ্যে সময়ৰ সোঁতত জিলাখনৰ পৰা সশস্ত্ৰ বাহিনীত যোগদান কৰা লোকৰ সংখ্যা কমি অহা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে জিলা কৰ্তৃপক্ষই ব্যৱস্থা্ গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ জিলাখনত নিজা যুদ্ধস্মাৰক আছে য’ত শ্বহীদ জোৱানসকলৰ নাম সোণালী আখৰেৰে লিখা আছে ৷ ইয়াৰ উপৰিও জিলাখনত প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল থিমায়াৰ নামেৰে এটা সংগ্ৰহালয় নিৰ্মাণৰ কাম চলি আছে ৷

ABOUT THE AUTHOR

...view details