নেচনেল ডেস্ক, 6 ডিচেম্বৰ: আজি কৰ্ণাটকৰ 15টা বিধানসভা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷ যাৰ ফলাফলে ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি.এছ য়েদুৰাপ্পা নেতৃত্বধীন বিজেপি চৰকাৰখনৰ ৷ পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হ'ব সন্ধিয়া 6 বজাত ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 9 ডিচেম্বৰত ৷
ৰাজ্যখনৰ বিধানসভাৰ 17টা খালী পদ পুৰণৰ অৰ্থে এই উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হয় ৷ 225টা বিধানসভাত বিজেপি দল সংখ্যাগৰিষ্ঠ হিচাপে থাকিবলৈ হ'লে 6 খন আসন দখল কৰিব লাগিব ৷ য'ত,মাস্কি আৰু আৰ.আৰ নগৰ আসন দুখন বৰ্তমানেও খালী হৈ আছে ৷
বিধানসভা খনত বৰ্তমান বিজেপিৰ 105 জন,কংগ্ৰেছৰ 66 জন,আৰু জে.ডিৰ 34জন বিধায়ক আছে ৷ চলিত নিৰ্বাচনত 165 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 156 গৰাকী পুৰুষ হোৱাৰ বিপৰীতে 9 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷