নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ কৰ্মচাৰী ইউনিয়নে । চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী উঠাই লোৱা, বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছত দেওবাৰে নিশা প্ৰতিবাদী কৰ্মচাৰীসকলে সিদ্ধান্ত সলনি কৰে । ৰাজ্য় চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব কৰ্মচাৰীসকলে । এই কথা প্ৰকাশ কৰে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ কৰ্মচাৰী ইউনিয়নৰ সম্পাদক আৰ চন্দ্ৰুৱে ।
বৃহস্পতিবাৰৰ পৰা ফ্ৰীডম পাৰ্কত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । ৰাজ্যিক পৰিবহণ মন্ত্ৰী লক্ষ্মণ ছাৱাড়ী, ৰাজ্যিক গৃহ মন্ত্ৰী বাছাভৰাজ বনমাই আৰু ৰাজহ মন্ত্ৰী আৰ অশোকে কৰ্মচাৰী ইউনিয়নৰ নেতাৰে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁলোকে প্ৰতিবাদ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু আশ্চৰ্যজনকভাৱে দেওবাৰে নিশা তেওঁলোকে সিদ্ধান্ত সলনি কৰে আৰু প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে । আনকি চালক আৰু হেণ্ডিমেনেও কৰ্ম বিৰতি লোৱাত বাছ সেৱা বন্ধ হৈ পৰে ।
মন্ত্ৰী ছাৱাড়ীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে, ৰাজ্য চৰকাৰে তেওঁলোকক স্বাস্থ্য বীমা কৰোৱা, কৰ্মৰত অৱস্থাত COVID-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা কৰ্মচাৰীক ৩০ লাখ টকা আৰ্থিক সাহায্য আগবঢ়োৱা, বেতন সংশোধন আৰু অন্তৰ্নিগম স্থানান্তৰকৰণৰ দাবী মানি লৈছে । দেওবাৰে নিশালৈকে কৰ্মচাৰীসকলে প্ৰতিবাদ উঠাই নল'লে ৰাজ্যজুৰি ব্যক্তিগত বাছৰ সেৱা আৰম্ভ কৰাৰো ধমক দিয়ে । কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমত প্ৰায় ৩৭,০১৯ জন কৰ্মচাৰী আছে তিনিটা কোম্পানীৰ জৰিয়তে ১৭,১৩৮৮ খন বাছেৰে সমগ্ৰ ৰাজ্যতে সেৱা আগবঢ়ায় ।