অসম

assam

By

Published : Jul 6, 2020, 11:54 PM IST

ETV Bharat / bharat

বহিঃৰাজ্যৰ পৰা যোৱা লোকৰ বাবে ১৪ দিন হোম কোৱাৰেণ্টাইন ঘোষণা কৰ্ণাটক চৰকাৰৰ

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ্ণাটকত বৰ্তমানলৈ মুঠ ২৩,৪৭৪ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ১৩,২৫১ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে।

বহিঃৰাজ্যৰ পৰা যোৱা লোকৰ বাবে ১৪ দিন হোম কোৱাৰেণ্টাইন ঘোষণা কৰ্ণাটক চৰকাৰৰ
বহিঃৰাজ্যৰ পৰা যোৱা লোকৰ বাবে ১৪ দিন হোম কোৱাৰেণ্টাইন ঘোষণা কৰ্ণাটক চৰকাৰৰ

নিউজ ডেস্ক, ৬ জুলাইঃ দেশৰ আন আন ৰাজ্যৰ লগতে কৰ্ণাটকতো প্ৰতিদিনে হৈ আছে বৃদ্ধি হৈ আছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কোৱাৰেণ্টাইনৰ নিয়মাৱলী অধিক কঠোৰ কৰিছে। এতিয়াৰে পৰা মহাৰাষ্ট্ৰ সহিতে আন আন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ যোৱা লোকসকলে ১৪ দিনৰ বাবে বাধ্যতামূলক হোম কোৱাৰেণ্টাইনত থাকিব লাগিব।

কৰ্ণাটকৰ বি. এছ. য়াদিয়ুৰুপ্পা নেতৃত্ত্বাধীন চৰকাৰখনে নতুনকৈ জাৰি কৰা নিৰ্দেশাৱলী অনুসৰি , কণ্টেইনমেণ্ট জ'নসমূহৰ বাহিৰে অন্য অঞ্চলসমূহত পুনৰ অহা-যোৱা তথা অন্যান্য কাম-কাজৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু কণ্টেইনমেণ্ট জ'নসমূহত ৩১ জুলাইলৈকে লকডাউন বৃদ্ধি কৰা হৈছিল। তদুপৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে 'SOP'(standard operating procedures)ৰ নিয়মাৱলী অনুসৰি বহিঃৰাজ্যৰ পৰা আহ-যাৰ ক্ষেত্ৰত নীতি-নিয়ম কিছু শিথিল কৰিছিল।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ্ণাটকত বৰ্তমানলৈ মুঠ ২৩,৪৭৪ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ১৩,২৫১ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে। ৰাজ্যখনৰ ভিতৰত বিগত এসপ্তাহত বাংগালোৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। এইপৰ্যন্ত বাংগালোৰত মুঠ ৯,৫৮০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু সম্প্ৰতি ৮,১৬৭ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

ABOUT THE AUTHOR

...view details