অসম

assam

ETV Bharat / bharat

লকডাউন বৃদ্ধি : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু !

3 মে’লৈকে লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে এগৰাকী লোক ৷ কৰ্নাটকৰ কোলাৰ জিলাত সংঘটিত হৈছে এই ঘটনা ৷

লকডাউন বৃদ্ধি : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু !
লকডাউন বৃদ্ধি : হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এজনৰ মৃত্যু !

By

Published : Apr 16, 2020, 2:43 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ প্ৰধানমন্ত্ৰীয়ে দ্বিতীয়বাৰলৈ লকডাউনৰ সময়সীমা 3 মে’লৈকে বৃদ্ধি কৰে ৷ লকডাউনৰ সময়ছোৱাত পূৰ্বৱৰ্তী নিয়মসমূহ বৰ্তি থাকিব যদিও কিছু কিছু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে চৰকাৰে ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত বুধবাৰে নিৰ্দেশনাও প্ৰদান কৰিছে ৷

কিন্তু লকডাউন বৃদ্ধিৰ সিদ্ধান্তৰ মাজতে কৰ্নাটকত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ প্ৰধানমন্ত্ৰীৰ লকডাউন বৃদ্ধিৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য়ুমুখত পৰে এগৰাকী দিনহাজিৰা কৰা শ্ৰমিক ৷ জানিব পৰা অনুসৰি, ৰাজ্যখনৰ কোলাৰ জিলাৰ বাসিন্দা শ্ৰমিকগৰাকী মুৰ্গেশ বুলি চিনাক্ত কৰা হয় ৷ মুৰ্গেশ নিজৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি নিজৰ পৰিয়ালক খাদ্যৰ যোগান ধৰিব পৰা নাছিল তেওঁ ৷ যাৰ ফলত প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ বিষয়ে জানিব পাৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে শ্ৰমিকগৰাকীৰ ৷ বিগত 14 এপ্ৰিলতে তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত মৃত্যুৰ সৈতে হাৰ মানে শ্ৰমিকগৰাকীয়ে ৷

লগতে পঢ়কঃটাইপত ভুল ! কাঁহ আৰু জ্বৰত আক্ৰান্ত ব্যক্তিক কৰ’ণাত আক্ৰান্ত ঘোষণা

ABOUT THE AUTHOR

...view details