কি হ'ব কুমাৰাস্বামী চৰকাৰৰ ভৱিষ্যত ! - কংগ্ৰেছ জেডিএছ
বিধায়কৰ পদত্যাগক লৈ উত্তপ্ত হৈ থকা কৰ্ণাটকৰ ৰাজনীতিত নতুন মোৰ ৷ মঙলবাৰে বিয়লি 6 বজাৰ ভিতৰত আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব কুমাৰাস্বামীৰ চৰকাৰে ৷
কৰ্ণাটক বিধানসভা (ফাইল ফটো)
নিউজ ডেস্ক, 23 জুলাইঃ কংগ্ৰেছ-জেডিএছ চৰকাৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিবলৈ মঙলবাৰে বিয়লিৰ ভাগত আস্থা ভোটৰ আহ্বান জনাইছে বিধানসভাৰ অধ্যক্ষই ৷ সমান্তৰালকৈ ৰাজনীতিৰ সম্ভৱপৰ সকলো নীতি অৱলম্বন কৰি চৰকাৰখন ভংগ কৰিবলৈ বিজেপি নেতাসকলে আৰম্ভ কৰিছে নিজৰ কুছকাৱাজ ৷ বিজেপি সাংসদ ছোভা কাৰান্দলাজে ইতিমধ্যেই এইখন চৰকাৰক সংখ্যালঘু আখ্যা দিছে ৷ আনহাতে ৰাজ্যখনৰ বিজেপি বিধায়কসকলে "বিধানা চৌধা" (Vidhana Soudha)ৰ বাবে হোটেল ৰামদালৈ ইতিমধ্যেই ৰাঁওনা হৈছে ৷
Last Updated : Jul 23, 2019, 2:40 PM IST