অসম

assam

ETV Bharat / bharat

লক্ ডাউন : কৰ্ণাটকত বৃদ্ধি পাইছে ডিজিটেল লাইবেৰী এপ্ ডাউনলোডৰ সংখ্যা

সমগ্ৰ দেশতে লক্ ডাউন চলি থকাৰ মাজতেই কৰ্ণাটকত বৃদ্ধি পাইছে ডিজিটেল লাইবেৰী এপ্ ডাউনলোডৰ সংখ্যা । বহু ধৰণৰ কিতাপ সাঙুৰি প্ৰায় ১ লাখ e-book উপলব্ধ এই এপ্ ত ।

Karnataka Library dept's mobile app sees exponential growth in downloads during lockdown
লক্ ডাউন : কৰ্ণাটকত বৃদ্ধি পাইছে ডিজিটেল লাইবেৰী এপ্ ডাউনলোডৰ সংখ্যা

By

Published : Apr 11, 2020, 9:57 AM IST

নিউজ ডেস্ক, ১১ এপ্ৰিলঃ দেশত এতিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰকোপ । এই ভাইৰাছক প্ৰতিহত কৰিবলৈয়ে দেশত ঘোষণা কৰা হৈছে ২১ দিনীয়া লক্ ডাউন । এতিয়া লক্ ডাউন চলি থকাৰ মাজতেই কৰ্ণাটকত বৃদ্ধি পাইছে কিতাপ পঢ়া লোকৰ সংখ্যা । ৰাজ্য়খনৰ লাইবেৰী বিভাগে আগবঢ়োৱা e-library ম'বাইল এপ্ ডাউনলোডত দেখা পোৱা গৈছে অভাৱনীয় বৃদ্ধি । এই কথা সদৰি কৰিছে ৰাজ্য়খনৰ শিক্ষামন্ত্ৰী সুৰেশ কুমাৰে ।

এই এপ টোৰ মুকলিৰ পিচতে পোন প্ৰথমবাৰৰ বাবে অভাৱনীয় হাৰত ডাউনলোড কৰা লোকৰ সংখ্যাত বৃদ্ধি পোৱা দেখা গৈছে। বৰ্তমানলৈকে ১৬,৫০০ মানুহে গ্ৰহণ কৰিছে এই এপ্ । আনহাতে লক্ ডাউনৰ দহটা দিনতেই প্ৰায় ১০ হাজাৰ লোকে ডাউনলোড কৰিছিল এপ্ টো । কৰ্ণাটক চৰকাৰে যোৱা ২৬ ফেব্ৰুৱাৰীত মুকলি কৰিছিল এই e-library ম'বাইল এপ্ । ন'বেল, কলা, মানৱতা, স্কুলীয়া বিষয় সম্পৰ্কীয়, প্ৰতিযোগিতামূলক পৰীক্ষা ইত্যাদিকে ধৰি বহু কেইটা বিষয়ৰ কিতাপ উপলব্ধ আছে এই এপ্ টোত । লগতে ৬০০ ত কৈ অধিক শিক্ষামূলক ভিডিঅ'ও সন্নিৱিষ্ট কৰা হৈছে এপ্ টোত । অনাগত দিনত এই এপ্ টোৰ জনপ্ৰিয়তা তথা ডাউনলোড কৰাৰ সংখ্যা আৰু অধিক হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details