নিউজ ডেস্ক, ৫আগষ্ট : কৰ'ণাত আক্ৰান্ত হৈ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াৰ বৰ্তমান চিকিৎসাধীন হৈ আছে বেংগালুৰুৰ মনিপাল হাস্পতালত । চিকিৎসকৰ মতে,বৰ্তমান কোনো জ্বৰৰ লক্ষণ নাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহত । তাৰোপৰি তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য সম্পৰ্কত বুধবাৰে চিকিৎসালয় কৰ্তৃপক্ষই জনালে এই কথা ।
ক'ভিডত আক্ৰান্ত কৰ্ণাটকৰ পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ - কৰ্ণাটকৰ বৰ্তমানৰ বিধানসভা
বুধবাৰে মনিপাল হাস্পতালৰ পৰা জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰা তথ্য মতে,কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়াৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান বহুখিনি উন্নত হৈ উঠিছে । লগতে শৰীৰৰ সকলো গুৰুত্বপূৰ্ণ অংগসমূহ সুস্থিৰ হৈ আছে । বৰ্তমান চৰকাৰৰ বিৰোধী এই বৰ্ষীয়ান নেতাগৰাকীৰ চিকিৎসা বিশেষজ্ঞ চিকিৎসকৰ নিৰিক্ষণত কৰি থকা হৈছে ।
ক'ভিডত আক্ৰান্ত কৰ্ণাটকৰ পূৰ্বৰ মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ
চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা মতে,কৰ্ণাটকৰ বৰ্তমানৰ বিধানসভাৰ 71বছৰীয়া বিৰোধী এই নেতাগৰাকীৰ চিকিৎসা বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত কৰি থকা হৈছে । চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত বৰ্তমানলৈ তেখেতৰ স্বাস্থ্যৰ বহুখিনি উন্নতি আহিছে আৰু অতি সহজভাৱেই এতিয়া সময় কটাইছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ ড: যতীন্দ্ৰ চিদ্দাৰামাইয়াই জানিবলৈ দিয়া মতে,সোমবাৰে নিশা জ্বৰত আক্ৰান্ত হোৱাৰ পাছতে নিশাই তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।