অসম

assam

ETV Bharat / bharat

বিশেষ ট্ৰেইনৰ অনুৰোধ প্ৰত্যাহাৰ কৰ্ণাটক চৰকাৰৰ - নিৰ্মাণকাৰ্যত বাধা আহি পৰিব বাবে এই অনুৰোধ প্ৰত্যাহাৰ

বিশেষ ট্ৰেইন চলাচলৰ অনুৰোধ প্ৰত্যাহাৰ কৰিছে কৰ্ণাটক চৰকাৰে ৷ এই শ্ৰমিকসকল নিজ অঞ্চললৈ উভতি গ'লে নিৰ্মাণকাৰ্যত বাধা আহি পৰিব বাবে এই অনুৰোধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ ৷

মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পা
বিশেষ ট্ৰেইনৰ অনুৰোধ প্ৰত্যাহাৰ কৰ্ণাটক চৰকাৰৰ

By

Published : May 6, 2020, 8:05 PM IST

নেশ্যনেল ডেস্ক, 6 মে' : বিভিন্ন ৰাজ্যৰ কৰ্ণাটকত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে বিশেষ ট্ৰেইন প্ৰদানৰ বাবে ৰেলৱে'ক জনোৱা অনুৰোধ প্ৰত্যাহাৰ কৰিছে কৰ্ণাটক চৰকাৰে ৷ বিল্ডাৰসকলে মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পাৰ সৈতে মিলিত হৈ নিৰ্মাণক্ষেত্ৰত হ'বলগা সমস্যাসমূহ সম্পৰ্কত অৱগত কৰাৰ পাচতে এই অনুৰোধ উঠাই লয় চৰকাৰে ৷

ৰাজহ বিভাগৰ মুখ্য সচিব তথা প্ৰব্ৰজনকাৰীৰ নডেল অফিচাৰ এন. মঞ্জুনাথা প্ৰসাদে দক্ষিণ পশ্চিম ৰেলৱে সংমণ্ডলক অনুৰোধ জনাই যে, বুধবাৰৰ বাহিৰে অন্য দিনত দুবাৰকৈ বিশেষ ট্ৰেইনৰ চলাচলৰ জৰিয়তে শ্ৰমিসকলক লৈ যোৱা হ'ব ৷ কিন্তু, বিহাৰৰ দানাপুৰলৈ তিনিবাৰকৈ প্ৰতিদিনে ট্ৰেইন চলাচল কৰিবলৈ কৰ্ণাটক চৰকাৰে অনুৰোধ জনাইছিল ৷

ইয়াৰ পাচতে অন্য এখন পত্ৰত প্ৰসাদে লিখে যে, বিশেষ ট্ৰেইনৰ প্ৰয়োজন নহয় ৷ বহু সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক নিজ অঞ্চললৈ ঘূৰি যাব বিচাৰিছে কিয়নো তেওঁলোকৰ হাতত বৰ্তমান কোনো টকা আৰু চাকৰি নাই ৷

ৰেলৱে' বিভাগে জানিবলৈ দিয়ে যে, বিশেষ ট্ৰেইন চলোৱাৰ অনুৰোধ উঠাই লৈছে কৰ্ণাটক চৰকাৰে ৷ বিল্ডাৰসকলে মুখ্যমন্ত্ৰীক জানিবলৈ দিয়ে যে, এই শ্ৰমিকসকলক ঘৰলৈ যাবলৈ দিলে নিৰ্মাণকাৰ্য বন্ধ হৈ পৰিব ৷

ABOUT THE AUTHOR

...view details