অসম

assam

ETV Bharat / bharat

অনলাইন পাঠদানৰ বাবে কৰ্ণাটক চৰকাৰৰ নিৰ্দেশ জাৰি - কিণ্ডাৰ গাৰ্ডেন

অনলাইন পাঠদানৰ বাবে কৰ্ণাটক চৰকাৰে জাৰি কৰিলে বিশেষ নিৰ্দেশাৱলী । নিৰ্দেশাৱলী অনুসৰি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এসপ্তাহত ৫ দিন ৩০-৪৫ মিনিট অনলাইন পাঠদান প্ৰদান কৰিব লাগিব।

online class
Karnataka govt issues guidelines to conduct online classes

By

Published : Jun 29, 2020, 9:15 PM IST

নিউজ ডেস্ক, ২৯ জুনঃ অনলাইন পাঠদানৰ বাবে সোমবাৰে কৰ্ণাটক চৰকাৰে জাৰি কৰিলে কেতবোৰ নিৰ্দেশাৱলী। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 'ICSE', 'CBSC' আৰু 'SSLC'ৰ অন্তৰ্গত সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এই নিৰ্দেশাৱলী জাৰি কৰে ৰাজ্য চৰকাৰে।

নিৰ্দেশাৱলী অনুসৰি-

১. কিণ্ডাৰ গাৰ্ডেন ছাত্ৰ-ছাত্ৰীৰ বাবে এসপ্তাহত ৩০ মিনিট অনলাইন পাঠদান হ'ব লাগিব।

২. প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে প্ৰতিটো সপ্তাহত এদিন বাদ দি এদিনকৈ ৩ দিনৰ বাবে ৩০-৪৫ মিনিট অনলাইন পাঠদান প্ৰদান কৰিব লাগিব।

৩. ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰতিটো সপ্তাহত ৫ দিন ৩০-৪৫ মিনিট অনলাইন পাঠদান হ'ব লাগিব। কিন্তু ৩০-৪৫ মিনিটক দুটা ভাগত বিভক্ত কৰি এই পাঠদান প্ৰদান কৰিব লাগিব।

৪. নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এসপ্তাহত ৫ দিন ৩০-৪৫ মিনিট অনলাইন পাঠদান প্ৰদান কৰিব লাগিব যদিও ৩০-৪৫ মিনিট সময়ক ৪ টা ভাগত বিভক্ত কৰি এই পাঠদান প্ৰদান কৰিব লাগিব।

উল্লেখ্য যে, প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ মন্ত্ৰী এচ. সুৰেশ কুমাৰে এলকেজিৰ পৰা পঞ্চম শ্ৰেণীলৈকে অনলাইন পাঠদান প্ৰদান কৰা নহয় বুলি উল্লেখ কৰিছিল।

ABOUT THE AUTHOR

...view details