কৰ্ণাটকত প্ৰতিবাদৰ নামত যান বাহনত অগ্নিসংযোগ - যান বাহনত অগ্নিসংযোগ
কৰ্ণাটকৰ কংগ্ৰেছ নেতা ডি.কে শিৱকুমাৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে নেতা গৰাকীৰ একাংশ সমৰ্থকে অগ্নি সংযোগ কৰে কৰ্ণাটকৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত ৷

বেংগালুৰু, 04 চেপ্তেম্বৰঃ কৰ্ণাটকৰ কংগ্ৰেছ নেতা ডি.কে শিৱকুমাৰক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বুধবাৰে নেতাগৰাকীৰ একাংশ সমৰ্থকে কৰ্ণাটকৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাহনত অগ্নি সংযোগ কৰে ৷ প্ৰতিবাদকাৰী সকলে মালাভাল্লি, কানাকাপুৰা আৰু চান্নাপাতনাকে ধৰি কেইবাখনো ঠাই লক্ষ্য কৰি লৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ লগতে কৰ্ণাটক আৰক্ষীয়ে ৰাজ্যিক পৰিবহণ নিগমক বাছ সেৱা স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখযোগ্য যে, মঙলবাৰে বিয়লি শিৱকুমাৰক গ্ৰেপ্তাৰৰ কৰাৰ পাছতেই কৰ্ণাটক কংগ্ৰেছে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰিছিল ৷