অসম

assam

ETV Bharat / bharat

কৰ্ণাটকৰ কেবিনেটত অন্তৰ্ভুক্ত 17 জন নতুন মন্ত্ৰীক - শপতগ্ৰহণ কৰি থকা অৱস্থাত গোবিন্দ এম কাৰাজল

প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ মন্ত্ৰীসভাৰ সংখ্যা বৃদ্ধি কৰা হয় ৷ বি এছ য়েদুৰাপ্পা নেতৃত্বাধীন বিজেপি চৰকাৰে মঙলবাৰে কেবিনেটত সাঙুৰি লয় 17খনকৈ নতুন মুখ ৷ আটাইকেইগৰাকী মন্ত্ৰীয়ে ৰাজভৱনত ৰাজ্যপাল বাজুভাই ভালাৰ ওচৰত শপতগ্ৰহণ কৰি নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

কৰ্ণাটকৰ কেবিনেটত অন্তৰ্ভুক্ত 17 জন নতুন মন্ত্ৰীক

By

Published : Aug 20, 2019, 7:29 PM IST

নিউজ ডেস্ক, 20 আগষ্টঃ কৰ্ণাটকৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হোৱা বি এছ য়েদুৰাপ্পা নেতৃত্বাধীন বিজেপি চৰকাৰে মন্ত্ৰীসভাত অন্তৰ্ভুক্তি ঘটায় 17গৰাকীকৈ কেবিনেট মন্ত্ৰীক ৷ মঙলবাৰে য়েদুৰাপ্পা মন্ত্ৰীসভাৰ বাবে ৰাজ্যপাল বাজুভাই ভালাৰ ওচৰত শপতগ্ৰহণ কৰে আটাইকেইগৰাকী নতুন সদস্যই ৷ কৰ্ণাটকৰ শাসনভাৰ হাতত লোৱাৰ তিনিসপ্তাহ পিচতেই প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটায় বি এছ য়েদুৰাপ্পাই ৷

শপতগ্ৰহণ কৰি থকা অৱস্থাত গোবিন্দ এম কাৰাজল
শপতগ্ৰহণ কৰি থকা অৱস্থাত কেএছ ইশ্বাৰাপ্পা
শপতগ্ৰহণ কৰি থকা অৱস্থাত আশ্বাথ নাৰায়ন চিএন
শপতগ্ৰহণ কৰি থকা অৱস্থাত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে এগৰাকী সদস্য

বি এছ য়েদুৰাপ্পাৰ কেবিনেটত স্থান লাভ কৰিবলৈ সক্ষম হয় ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেট্টাৰ,প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী কে এছ ইশ্বাৰাপ্পা আৰু আৰ অশোক,নিৰ্দলীয় বিধায়ক এইচ নাগেশ আৰু লক্ষ্মণ চাংগাপ্পা চাভাড়ী,বিধায়ক কোটা শ্ৰীনিভাস পূজাৰী,গোবিন্দ এম কাৰাজল,আশ্বাথ নাৰায়ন চিএন,বি শ্ৰীৰামুলু,এছ সুৰেশ কুমাৰ,ভি সোমান্না,চিটি ৰবি,বাসাভাৰাজ বোম্মাই, জে চি মধুস্বামী,চিচি পাটিল,প্ৰভু চৌহান আৰু একমাত্ৰ মহিলা কেবিনেট মন্ত্ৰী শচীকালা জুলি আন্নাচাহেব ৷ কৰ্ণাটক মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণে ইয়াৰ সদস্য সংখ্যা 34 গৰাকীলৈ বৃদ্ধি কৰিলে ৷

ABOUT THE AUTHOR

...view details