নিউজ ডেস্ক, 3 আগষ্টঃ মহামাৰী কৰ'ণাত আক্ৰান্ত কৰ্ণাটক মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পা ৷ 2 আগষ্ট তথা দেওবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি লাভ কৰে বুলি টুইটাৰযোগে সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যাৰ বাবে য়েডিয়ুৰাপ্পাক চিকিৎসালয়ত ভৰ্তি হৈ বুলি জানিবলৈ দিয়ে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটযোগে কয় যে,মোৰ কৰ'ণা টেষ্টৰ ৰিজাল্ট পজিটিভ আহিছে ৷ কিন্তু মই বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ যদিও চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত মই চিকিৎসালয়ত ভৰ্তি হৈছো ৷ আনহাতে,কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই বিগত কিছুদিন ধৰি তেখেতৰ সংস্পৰ্শত অহা লোকসকলক কোৱাৰেণ্টাইন থাকিবলৈ আহ্বান জনাই ৷