নেশ্যনেল ডেস্ক, ১৯ জুন : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ বাংগালুৰুস্থিত গৃহ কাৰ্যালয় কৃষ্ণাৰ ছীল কৰাৰ সম্ভাৱনা আছে । ইয়াকে লৈ চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰীসহ বিষয়ববীয়াসকল । কিয়নো মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয়ত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ স্বামীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰিছে । সম্প্ৰতি কনিষ্টবলগৰাকীৰ স্বামীক কোভিড-১৯ হাস্পতালত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে ।
কোভিড-১৯ : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয় ছীল হোৱাৰ সম্ভাৱনা - বিধায়ক বি চি পাটিল
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয়তো কোভিড-১৯য়ে আতংকৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয় কৃষ্ণাত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ স্বামীৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰিছে । গতিকে, গৃহ কাৰ্যালয় কৃষ্ণাৰ ছীল কৰাৰ সম্ভাৱনা আছে ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয় ছীল হোৱাৰ সম্ভাৱনা
উল্লেখ্য যে, ৰাজ্যখনত প্ৰতিদিনে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ গৃহ কাৰ্যালয়তো কোভিড-১৯য়ে আতংকৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে । বিধায়ক বি চি পাটিলকে ধৰি মুখ্যমন্ত্ৰী আৰু কৃষ্ণাৰ বিষয়ববীয়াসকলো ইয়াকে লৈ বিমোৰত পৰিছে । মহিলা কনিষ্টবলগৰাকীৰ শ্বাৱ পৰীক্ষাৰ ৰিপৰ্ট আহি পোৱাৰ পিছতে সকলো মন্ত্ৰী-বিষয়াক হোম কোৱাৰেণ্টাইনত ৰখা হ'ব ।
লগতে পঢ়ক :