অসম

assam

বফৰ্চ গানঃ কাৰ্গিল যুদ্ধৰ জীৱন্ত যোদ্ধা

By

Published : Jul 27, 2019, 2:07 PM IST

1999 চনৰ ভাৰত-পাক যুদ্ধ, কাৰ্গিল যুদ্ধৰ ভয়াৱহতা সকলোৰে জ্ঞাত ৷ ভাৰতীয় সেনাৰ পৰাক্ৰমৰ আগত সেও মানিছিল পাকিস্তানী সেনাই, সমগ্ৰ বিশ্বই ভাৰতীয় সেনাৰ বিক্ৰমৰ তবধ মানিছিল ৷ স্থলসেনাৰ এই অজেয় বিক্ৰমত সহায় কৰিছিল ভাৰতীয় ৰাজনীতিত প্ৰৱল বিতৰ্কৰ সূচনা কৰা এটি বিশেষ টোপ, বফৰ্চ গানে ৷ বফৰ্চৰ ওপৰত এক বিশেষ প্ৰতিবেদন ৷

বফৰ্চ গান

নিউজ ডেস্ক, 27 জুলাইঃ 1999 চন আৰু এখন ভয়াৱহ যুদ্ধ ৷ ভাৰত-পাকিস্তানৰ সেনাই প্ৰত্যক্ষভাৱে মুখামুখি হোৱা সেই যুদ্ধ আছিল কাৰ্গিল যুদ্ধ ৷ যুদ্ধৰ বিশ বছৰ উপলক্ষে সমগ্ৰ দেশতে উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস ৷ ভাৰতীয় সেনাই অজেয় বিক্ৰমৰ পৰিচয় দাঙি ধৰা এই যুদ্ধত স্থলসেনা আৰু বায়ুসেনাক বহুলৰূপে সহায় কৰিছিল এবিধ বিশেষ টোপে, যি টোপক লৈ সমগ্ৰ দেশৰে ৰাজনীতি উত্তাল হৈ পৰিছিল ৷ চুইডেনৰ পৰা ক্ৰয় কৰা এই বিশেষ টোপ আছিল বফৰ্চ গান যিয়ে পাকিস্তানক শিৰনত কৰিবলৈ বাধ্য কৰাইছিল ৷

বফৰ্চ গানঃ কাৰ্গিল যুদ্ধৰ জীৱন্ত যোদ্ধা

ABOUT THE AUTHOR

...view details