নিউজ ডেস্ক, 21 এপ্ৰিলঃ জেষ্ঠ উকিল তথা কংগ্ৰেছী নেতা কপিল চিবাল আৰু বিবেক টনখাই ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে । মধ্য প্ৰদেশত অ-সংবিধানিকভাৱে চৰকাৰে কাম চলাই থকা সম্পৰ্কত পত্ৰখন লিখে । কেবিনেট গঠন নোহোৱা বিষয়টো উল্লেখ কৰি ৰাষ্ট্ৰপতিক কেবিনেট গঠন কৰাবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাই পত্ৰখনৰ জৰিয়তে ।
তেওঁলোকে ৰাজ্যচৰকাৰ ভোট-অন-একাউণ্টৰ ক্ষেত্ৰতো বিচাৰ কৰিবলৈ কয় আৰু চৰকাৰত কাৰ্যকৰী কৰিবৰ বাবে নিৰ্দেশ দিবলৈ আহ্বান জনায়। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা নল'লে ৰাজ্যপালৰ পৰা এক প্ৰতিবেদন দিয়াবৰ বাবে তলব কৰিবলৈ আৰু প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰিবলৈ আহ্বান জনায়। মধ্য প্ৰদেশৰ বৰ্তমান শাসন ব্যৱস্থাই সাংবিধানিক কাৰ্যপ্ৰণালীক সম্পূৰ্ণৰূপে অমান্য কৰিছে বুলি পত্ৰত উপস্থাপন কৰে।