অসম

assam

ETV Bharat / bharat

কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত - কানপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেক হত্যা আৰক্ষীৰ

বুধবাৰে পুৱা উত্তৰ প্ৰদেশ স্পেচিয়েল টাস্ক ফোৰ্চৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় কাণপুৰ এনকাউণ্টাৰৰ মুখ্য অপৰাধী বিকাশ ডুবেৰ ঘনিষ্ঠ তথা গেংগষ্টাৰ অমৰ ডুবে । মঙলবাৰে কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ গ্ৰেপ্তাৰ অভিযানৰ বাবেই ৰাজ্যখনৰ ভিন্ন ঠাইত মোষ্ট ৱাণ্টেড ডুবেৰ পোষ্টাৰ লগাই কাণপুৰ আৰক্ষীয়ে । লগতে ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰু স্পেছল টাস্ক ফৰ্চৰ মুঠ ৪০ টা দলে তদন্ত অব্যাহত ৰাখিছে বুলি সদৰি কৰে আৰক্ষীয়ে ।

কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত
কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত

By

Published : Jul 8, 2020, 8:34 AM IST

Updated : Jul 8, 2020, 10:19 AM IST

নিউজ ডেস্ক, ৮ জুলাইঃ কাণপুৰ এনকাউণ্টাৰৰ মুখ্য অপৰাধী বিকাশ ডুবেৰ ঘনিষ্ঠ তথা গেংগষ্টাৰ অমৰ ডুবেৰ মৃত্যু । বুধবাৰে পুৱা হমীৰপুৰত উত্তৰ প্ৰদেশ স্পেচিয়েল টাস্ক ফোৰ্চৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় অমৰ ডুবে ।

বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত

মঙলবাৰে উত্তৰ প্ৰদেশৰ কাণপুৰ আৰক্ষীৰ মোষ্ট ৱাণ্টেড অপৰাধী তথা কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ অভিযানতে জিলাখনৰ ভিন্ন ঠাইত পোষ্টাৰ লগাই কাণপুৰ আৰক্ষীয়ে । বহুকেইখন জিলাৰ আৰক্ষী থানা,বজাৰ তথা বহু কেইটা ৰাজহুৱা স্থানত পোষ্টাৰ লগোৱা হয় বিকাশ ডুবেৰ । লগতে এনকাউণ্টাৰত জড়িত ডুবেৰ সহযোগীসকলৰ পোষ্টাৰ লগোৱাৰ উপৰিও ডুবেৰ আত্মীয় জয় বাজপেয়ীৰ বাসগৃহতো মঙলবাৰে তালাচী অভিযান চলাই কাণপুৰ আৰক্ষীয়ে ।

তাৰ মাজতে বুধবাৰে পুৱা উত্তৰ প্ৰদেশৰ স্পেচিয়েল টাস্ক ফোৰ্চে চলোৱা অভিযানৰ সময়তে পুনৰ সংঘৰ্ষ হয় বিকাশ ডুবেৰ ঘনিষ্ট তথা গেংগষ্টাৰ অমৰ ডুবেৰ । যাৰ ফলত সংঘৰ্ষত নিহত হয় অমৰ ডুবে । আনহাতে,মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সহায় কৰা লোকক ২.৫ লাখ টকা প্ৰদান কৰিব বুলিও সদৰি কৰে আৰক্ষীয়ে। তাৰোপৰি কাণপুৰ আৰক্ষীয়ে বিকাশ ডুবেৰ ভাৰত-নেপাল সীমান্তৰ উত্ৰাব টোল প্লাজা আৰু লখীমপুৰ জিলাটো ডুবেৰ পোষ্টাৰ লগাই বুলি জানিবলৈ দিয়ে ।

ঘটনা সন্দৰ্ভত কাণপুৰৰ আইজিপি মোহিত আগৰৱালে কয় যে,ছোৱেপুৰ আৰক্ষী থানাত সকলো কৰ্মী কাণপুৰ এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত অব্যাহত কৰিছে । য'ত বিকাশ ডুবে সহযোগীসকলক লগত লৈ আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰিছিল । আনহাতে, উত্তৰ প্ৰদেশৰ এডিজি প্ৰশান্ত কুমাৰে মঙলবাৰে কয় যে, উত্তৰ প্ৰদেশ আৰু স্পেচিয়েল টাস্ক ফোৰ্চৰ মুঠ ৪০ টা দলে ঘটনা সন্দৰ্ভত কাম কৰি আছে ।

উল্লেখ্য যে, বিকাশ ডুবে কাণপুৰ এনকাউণ্টাৰৰ মুখ্য অপৰাধী । অপৰাধী বিকাশ ডুবেক ঘটনা সন্দৰ্ভত বিগত ২ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ লয় যদিও ঘটনাস্থলীত মুঠ ৮ গৰাকী আৰক্ষীক গুলীয়াই তাৰ পৰা পলায়ন কৰে বিকাশ ডুবেসহ সহযোগী ।

লগতে চাওকঃ লক ডাউনে সমৃদ্ধ কৰিছে অসম আৰক্ষীৰ পূঁজি

Last Updated : Jul 8, 2020, 10:19 AM IST

ABOUT THE AUTHOR

...view details