নিউজ ডেস্ক, ৫ জুলাইঃ কানপুৰ এনকাউণ্টাৰ সন্দৰ্ভত নতুন তথ্য ফাদিল । বিকাশ ডুবেৰ পৰা গেংষ্টাৰ আইনৰ অধীনত আৰক্ষীয়ে জব্দ কৰিব অবৈধ ধন আৰু সম্পত্তি । এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, ২ জুলাই তথা বৃহস্পতিবাৰে কানপুৰত আৰক্ষীয়ে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা সময়তে বিকাশ ডুবেসহ এটা দলে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ কৰে ।
কানপুৰ এনকাউণ্টাৰঃ জব্দ কৰিব মূল অভিযুক্ত বিকাশ ডুবেৰ অবৈধ সম্পত্তি - বিকাশ ডুবে
২ জুলাই বৃহস্পতিবাৰে সংঘটিত কানপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ পৰা গেংষ্টাৰ আইনৰ অধীনত আৰক্ষীয়ে জব্দ কৰিব অবৈধ সম্পত্তি । তাৰোপৰি এনকাউণ্টাৰৰ লগত জড়িত ২২ গৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
কানপুৰ এনকাউণ্টাৰ
আনহাতে, কানপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেই দীৰ্ঘদিন ধৰি অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰি অপৰাধমূলক কাম-কাজ চলাই গৈছিল বুলি সদৰি কৰে । লগতে ২ জুলাইত কানপুৰ এনকাউণ্টাৰৰ লগত জড়িত ২২ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলিও সদৰি কৰে ।
লগতে পঢ়ক : ৰাজ্যত বানত মৃত্যু 37 জনৰ