নেশ্যনেল ডেস্ক, 3 জুলাই :শুকুৰবাৰে পুৱতি নিশা কানপুৰত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা ৷ তালাচীৰ বাবে যোৱা এজন চক্ৰ বিষয়াসহ আঠজন আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰে স্থানীয় অপৰাধী আৰু দলে ৷ কানপুৰৰ ছৌবেপুৰ আৰক্ষী চক্ৰৰ বিক্ৰু গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ ফলত আঠজন আৰক্ষী জোৱানৰ মৃত্যু হোৱাৰ লগতে আন ছয়জন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় ৷
8 আৰক্ষী জোৱানক গুলীয়াই হত্যা মৃত আঠজনৰ ভিতৰত বিলহাউৰ চক্ৰ বিষয়া আৰু বিথোৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াও আছে বুলি জানিব পৰা গৈছে ৷ আহত আৰক্ষী জোৱানকেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
8 আৰক্ষী জোৱানক গুলীয়াই হত্যা তথ্য অনুসৰি, বিকাশ ডুবে নামৰ এক অপৰাধী বিক্ৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই পুৱতি নিশা 3.30 বজাত প্ৰায় 50 জনীয়া আৰক্ষীৰ দলটো উপস্থিত হয় ৷ ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ ইয়াৰে পাচতে প্ৰাণ ৰক্ষা কৰিবলৈ পলাই যোৱা আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰে অপৰাধী দলটোৱে ৷
8 আৰক্ষী জোৱানক গুলীয়াই হত্যা ঘটনাৰ পাচতে উপস্থিত হয় কানপুৰৰ শীৰ্ষ আৰক্ষী বিষয়াসকল ৷ উল্লেখ্য যে, বিকাশ ডুবে প্ৰায় 100 টা বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত ৷ 2001 চনৰ অক্টোবৰ মাহত ডুবেই জ্যেষ্ঠ বিজেপি নেতা সন্তোষ শুক্লাক শিৱলী আৰক্ষী থানাতে গুলীয়াই হত্যা কৰিছিল ৷ বৰ্তমানেও পলাতক অৱস্থাত আছে অপৰাধী বিকাশ ডুবে ৷
8 আৰক্ষী জোৱানক গুলীয়াই হত্যা লগতে পঢ়ক : লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট