অসম

assam

ETV Bharat / bharat

জে এন ইউৰ পৰা বেগুচৰাইঃ ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত কানহাইয়া - বিহাৰৰ বেগুচৰাইত তিনিকোণীয়া নিৰ্বাচনী যুঁজ

বিহাৰত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য বিৰোধী দলৰ মহাজোঁটবন্ধনত চি পি আই অন্তৰ্ভুক্ত নোহোৱাৰ পাচতে দলটোৱে কানহাইয়া কুমাৰক দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ চি পি আইৰ মহাসচিব এচ সুধাকৰ ৰেড্ডীয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত কানহাইয়া কুমাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয় ৷

কান্থায়া কুমাৰক চি পি আইৰ প্ৰাৰ্থীত্ব

By

Published : Mar 25, 2019, 6:10 AM IST

Updated : Mar 25, 2019, 7:23 AM IST

নিউজ ডেস্ক, 24 মাৰ্চ : চি পি আইৰ হৈ বিহাৰৰ বেগুচৰাইৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ছাত্ৰ নেতা কানহাইয়া কুমাৰে ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিজনলৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ তথ্য দলটোৰ তৰফৰ ইতিমধ্যে সদৰী কৰা হৈছে।

বিহাৰত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য বিৰোধী দলৰ মহাজোঁটবন্ধনত চি পি আই অন্তৰ্ভুক্ত নোহোৱাৰ পাচতে দলটোৱে কানহাইয়াকুমাৰক দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে ৷ চি পি আইৰ মহাসচিব এচ সুধাকৰ ৰেড্ডীয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত কানহাইয়া কুমাৰৰনাম অন্তৰ্ভুক্ত কৰা হয় ৷

পূৰ্বতে বিহাৰৰ বেগুচৰাই সংসদীয় সমষ্টি বামপন্থী দলৰ বিশেষকৈ চি পি আইৰ দুৰ্গ হিচাপে পৰিচিত আছিল ৷ সমষ্টিটোৰ পৰা কেইবাবাৰো চি পি আইৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে ৷ কিন্তু পৰৱৰ্তী সময়ছোৱাত সমষ্টিটোত দলটোৰ প্ৰভাৱ হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় ৷ বিগত কিছুদিন ধৰি ৰাষ্ট্ৰীয় জনতা দল আৰু অন্যান্য দলসমূহৰ মিত্ৰজোঁটৰ তৰফৰ পৰা কানহায়া কুমাৰেপ্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আশা কৰা হৈছিল যদিও অৱশেষত কানহাইয়া কুমাৰকদলটোৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে আৰ জে ডিয়ে৷

উল্লেখযোগ্য যে শুকুৰবাৰে ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছসহ অন্য কেইবাটাও বিৰোধী দলে মহাজোঁটবন্ধনৰ কথা ঘোষণা কৰে ৷


Last Updated : Mar 25, 2019, 7:23 AM IST

ABOUT THE AUTHOR

...view details