নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ:অভিনেত্ৰী কংগনা ৰাণাৱট আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা অপ্ৰীতিকৰ পৰস্থিতিৰ পাচত দেওবাৰে অভিনেত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ সৈতে সাক্ষাৎ কৰে ৷
ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাচত অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ ৰাজ্যপালগৰাকীক নিজৰ সৈতে হোৱা অন্যায়ৰ বিষয়ে কয় ৷ ইয়াৰোপৰি কংগনাই কয় যে, তেওঁ কোনো ৰাজনীতিবিদ নহয় আৰু তেওঁৰ কোনো ৰাজনীতিবিদৰ সৈতে লেনদেনো নাই ৷