অসম

assam

By

Published : Apr 17, 2019, 11:38 PM IST

ETV Bharat / bharat

মোডীৰ বিৰুদ্ধে সৰৱ কমল নাথ

নৰেন্দ্ৰ মোডী দেশখনৰ প্ৰধানমন্ত্ৰী কেৱল গুজৰাটৰহে তেওঁৰ দায়িত্ব নহয় বুলি টুইটাৰ যোগে প্ৰঝানমন্ত্ৰীগৰাকীক কটাক্ষ কৰিলে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে ৷

etv bharat

ভূপাল, 17 এপ্ৰিলঃ শেহতীয়াকৈ আবতৰীয়া বৃষ্টিপাতৰ ফলত মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানত প্ৰান হেৰুৱালে প্ৰায় 30 জনতকৈও অধিক লোকে ৷ এই ঘটনাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা স্থিতিক লৈ মোডীক তীব্ৰ সমালোচনা কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে ৷

কমল নাথে টুইটাৰৰ যোগেদি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কয় যে, মোডীয়ে কেৱল গুজৰাটত মৃত্যু হোৱা লোকসকলৰ প্ৰতিহে নিজৰ দায়িত্ববোধ প্ৰদৰ্শন কৰিছে ৷ কিন্তু তীব্ৰ বৃষ্টিপাতৰ ফলত কেৱল গুজৰাটতেই নহয় মধ্য প্ৰদেশ আৰু ৰাজস্থানতো কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ তেওঁ কেৱল গুজৰাটৰ প্ৰতিহে বিষয়টোৰ হৈ গুৰুত্ব প্ৰদান কৰিছে ৷

ABOUT THE AUTHOR

...view details