নেশ্যনেল ডেস্ক, 4 জুনঃ বৃহস্পতিবাৰে অভিনেতা অমিতাভ বচ্চনে কণ্ঠদান কৰা'তুম মুঝে কব তক ৰোক'গী'শীৰ্ষক এটা নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ' মুকলি কৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে ।
আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ ভিডিঅ' মুকলি কৰিলে কমল নাথে - অভিনেতা অমিতাভ বচ্চন
মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে বৃহস্পতিবাৰে উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছে তেওঁলোকৰ দলৰ প্ৰচাৰ ভিডিঅ' ।
Kamal Nath releases promotional video for upcoming election
কংগ্ৰেছৰ দলৰ দ্বাৰা মুকলি কৰা এক মিনিটৰ ভিডিঅ'টোত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দলে শাসন কৰা সময়ৰ বিষয়ে উল্লেখ কৰা হৈছে । কিছুদিন পূৰ্বে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ছিন্দৱাৰা পৰিদৰ্শন কৰিবলৈ যাওঁতে শ্বাহৰুখ খান অভিনীত 'ওম শান্তি ওম' বোলছবিৰ 'পিকচাৰ অভি বাকী হ্যে মেৰা দোস্ত' শীৰ্ষক সংলাপটোও আবৃত্তি কৰা দেখা গৈছিল ।
লগতে চাওকঃ শুৱালকুছিলৈ আহিল ভাল খবৰ