নিউজ ডেস্ক, 6 মাৰ্চঃ মধ্যপ্ৰদেশলৈ আহিছে ৰাজনৈতিক সংকট ৷ ৰাজ্যখনত শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰখনৰ বহু কেইজন কংগ্ৰেছী বিধায়ক এতিয়া নিৰুদ্দেশ ৷ ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে মধ্যপ্ৰদেশৰ চৰকাৰৰ বাবে আনিব পাৰে গভীৰ সংকট ৷ সেইয়ে ৰাজ্যখনৰ শীৰ্ষ নেতৃত্বৰ লগতে কেন্দ্ৰীয় নেতা সকলৰ সৈতে ৰাজনৈতিক ৰণনীতি তৈয়াৰৰ বাবে দেশৰ ৰাজধানীত এক বৈঠকত মিলিত হৈছে বিজেপি ৷
যিকোনো সময়ত খহিব পাৰে কমল নাথৰ চৰকাৰ: বিজেপি
শেহতীয়া পৰিস্থিতিয়ে মধ্যপ্ৰদেশ চৰকাৰৰ বাবে আনিব পাৰে গভীৰ সংকট ৷ ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত ৰণকৌশল তৈয়াৰৰ বাবে মধ্যপ্ৰদেশৰ বিজেপি বিধায়কৰ সৈতে ৰাজধানী দিল্লীত বৈঠক বিজেপিৰ অন্যান্য জেষ্ঠ নেতৃবৃন্দৰ ৷
মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক নাৰোত্তম মিশ্ৰীই ইটিভি ভাৰতৰ আগত মন্তব্য কৰি কয় যে, কমল নাথৰ চৰকাৰখন হৈছে ‘‘সংখ্যালঘু চৰকাৰ’’ ৷ গতিকে এই চৰকাৰখন আৰু বেছি দিনলৈ বৰ্তি নাথাকে ৷তেওঁ লগতে কয়, কংগ্ৰেছে বিজেপি কৰ্মী সকলক হেঁচা প্ৰয়োগ কৰিছে, নিজৰ ঘৰৰখন সুৰক্ষা প্ৰদান নকৰি বিজেপিৰ ওপৰতে বেছি গুৰুত্ব প্ৰদান কৰিছে বুলি কটাক্ষ কৰে ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পাটেলেও একে মন্তব্য কৰি বিজেপি কেতিয়াও কোনো হেঁচাত নাহে বুলি উল্লেখ কৰে ৷
আনহাতে লোকসভাৰ সাংসদ আৰু মুখ্যমন্ত্ৰীৰ কমলনাথ পুত্ৰ নকুল নাথে কয়, মধ্যপ্ৰদেশৰ চৰকাৰলৈ কোনো সংকট অহা নাই ৷ কংগ্ৰেছৰ নিৰুদ্দেশ হোৱা বিধায়ক সকল অতি সোনকালেই দলত প্ৰত্যাৱৰ্তন কৰিব৷ সংসদৰ ভিতৰত সাংসদগৰাকীয়ে কয় মধ্যপ্ৰদেশ চৰকাৰলৈ কোন বিপদ নাই ৷