নিউজ ডেস্ক, ২২ এপ্ৰিলঃদেশজুৰি চলি থকা সংকটৰ সময়ছোৱাত অভিনেতা তথা ৰাজনৈতিক নেতা কমল হাছানৰ পৰিচালনাত উলিওৱা হৈছে এটি গীত । "অবিৰাম-অনবুম"নামেৰে পৰিচালনা কৰা গীতটি আশা,প্ৰেম সাকাৰত্মক দিশৰ ওপৰত আধাৰিত ।
দেশবাসীক শংকিত ন'হবলৈ গীত প্ৰস্তুত কমল হাছানৰ - কৰ'ণা ভাইৰাছ
গীতৰ মাধ্যমেৰে দেশৰ জনসাধৰণক সজাগ তথা শংকিত ন'হবলৈ আহ্বান জনপ্ৰিয় অভিনেতা তথা ৰাজনৈতিক নেতা কমল হাছানৰ। দেশৰ কেইবাগৰীও শিল্পীৰ লগত সংযোগ হৈ কমল হাছানৰ পৰিচালনাত প্ৰস্তুত কৰা হয় গীতটো ।
জনপ্ৰিয় অভিনেতা তথা ৰাজনৈতিক নেতা গৰাকীৰ এই প্ৰচেষ্টাত সহযোগ কৰিছে তেখেতৰ কন্যা তথা অভিনেত্ৰী শ্ৰুতি হাছান,সংগীতকাৰ অনিৰুদ্ধ ৰবিছন্দৰ, যুভান শংকৰ ৰাজা,দেৱীশ্ৰী প্ৰসাদ,শংকৰ দেৱ মহাদেৱন,বোম্বে জয়শ্ৰী,চিদ শ্ৰীৰাম,অভিনেতা সিদ্ধাৰ্থ আৰু আন্দ্ৰেয়া,পিয়ানিষ্ট লাইদিয়ান আৰু কণ্ঠশিল্পী তথা অভিনেতা মাগেন ।
ঘিবৰণৰ দ্বাৰা ৰচিত আৰু মহেশ নাৰায়ণৰ দ্বাৰা সম্পাদন কৰা গীতটি ২৩ এপ্ৰিল বৃহস্পতিবাৰে মুকলি কৰা হ'ব । উল্লেখ্য যে,বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে জনসাধাৰণক শংকিত নহ'বলৈ তথা সজাগতা অৱলম্বন কৰিবলৈ গীতটিৰ জৰিয়তে আহ্বান জনোৱা হয় ।