নেশ্যনেল ডেক্স,12 জানুৱাৰীঃ জামিয়া বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতেই বিগত এমাহে বন্ধ হৈ আছে কালিন্দী কুঞ্জ পথ ৷ ইয়াৰ মাজতেই দেওবাৰে পথ মুকলি কৰাৰ বাবে স্থানীয় লোকসকলে বাহিৰ কৰে তীব্ৰ প্ৰতিবাদী সমদল ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক যাৰ ফলত প্ৰতিবাদকাৰী আৰু আৰু আৰক্ষীৰ মাজত কিছু বিবাদৰো সৃষ্টি হয় ৷
কালিন্দী কুঞ্জ পথ মুকলি কৰাৰ বাবে ৰাইজৰ প্ৰতিবাদী সমদল - কালিন্দী কুঞ্জ পথ
বিগত এমাহে কালিন্দী কঞ্জ পথছোৱা বন্ধ হৈ থকা বাবে স্থানীয় লোকসকলে ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ নোয়ডাৰ পৰা অহা লোকসকল মদনগিৰ নগৰৰ মাজৰে সৰিতা বিহাৰ হৈ দিল্লীত উপস্থিত হ’বলগীয়া হৈছে ৷ মদনগীৰ গাঁৱৰ পৰা আৰম্ভ কৰা সমদলটোত বৃহৎসংখ্যক লোকে অংশগ্ৰহণ কৰে ৷
![কালিন্দী কুঞ্জ পথ মুকলি কৰাৰ বাবে ৰাইজৰ প্ৰতিবাদী সমদল kalindi kunj road jam after jamiya incident protes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5683511-thumbnail-3x2-d.jpg)
কালিন্দী কুঞ্জ পথ মুকলি কৰাৰ বাবে ৰাইজৰ প্ৰতিবাদী সমদল