অসম

assam

By

Published : Jun 20, 2019, 4:54 PM IST

Updated : Jun 20, 2019, 4:59 PM IST

ETV Bharat / bharat

মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প

উদ্ধোধনী অনুষ্ঠানত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অন্ধ্ৰপ্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ওৱাই এচ জগন মোহন ৰেড্ডী উপস্থিত থাকিব ৷ এই প্ৰকল্পটো বিশ্বৰ ভিতৰতে বৃহৎ প্ৰকল্প যাৰ নিৰ্মাণকাৰ্য 2016 চনত আৰম্ভ হৈ 2019ত সম্পূৰ্ণ হৈছে ৷

মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প

নিউজ ডেস্ক,20 জুনঃ তেলেংগানাৰ গোদাবৰী নদীৰ ওপৰত সাজি উলিওৱা হৈছে বিশ্বৰ বৃহত্তম জলসিঞ্চন প্ৰকল্প ৷ "কালেশ্বৰম" নামৰ এই জলসিঞ্চন প্ৰকল্পটো উদ্ধোধনীৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ লগতে তেলেংগানা প্ৰশাসন ৷ শুকুৰবাৰে এই উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে তেলেংগানাৰ ৰাজ্যপাল ই এচ এল নাৰাসিমহা ৷

মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্প

এনে এটা বৃহত্তম জলসিঞ্চন প্ৰকল্প ভাৰতবৰ্ষৰ সবাতোকৈ কম বয়সীয়া ৰাজ্যখনত স্থাপন হোৱাটো ৰাজ্যখনৰ লগতে সমগ্ৰ দেশখনৰ বাবে গৌৰৱৰ বিষয় ৷ মুঠ 45 লাখ একৰ মাটিত সাজি ওলিওৱা হৈছে এই বৃহৎ প্ৰকল্প ৷ মুঠ 70 শতাংশ মানুহক খোৱা পানী যোগান ধৰিব এই প্ৰকল্পই ৷

উদ্ধোধনী অনুষ্ঠানত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অন্ধ্ৰপ্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ওৱাই এচ জগন মোহন ৰেড্ডী উপস্থিত থাকিব ৷ এই প্ৰকল্পটো বিশ্বৰ ভিতৰতে বৃহৎ প্ৰকল্প যাৰ নিৰ্মাণ কাম 2016 চনত আৰম্ভ হৈ 2019 ত সম্পূৰ্ণ হৈছে ৷

উল্লেখ্য যে ভাৰতীয় অভিযন্তাৰ শ্ৰেষ্ঠত্ব প্ৰতিফলিত হৈছে এই প্ৰকল্পটোত ৷ সৰ্বমুঠ 1,832 কিমি পানী যোগান কেনেল,1,531 কিমি গ্ৰেভেটি কেনেল, 203 কিমি দৈৰ্ঘৰ টানেল,20টা লিফ্ট,19 টা পাম্প হাউচ,আৰু 19 টা ৰিচাৰভাৰ য'ত 141 টি এম চি পানী সংৰক্ষণ কৰিব পৰা যাব ৷ সমগ্ৰ প্ৰকল্পটোত ব্যৱহাৰ হ'ব 7152 মেগাৱাট বিদ্যুৎ ৷

Last Updated : Jun 20, 2019, 4:59 PM IST

ABOUT THE AUTHOR

...view details