নিউজ ডেস্ক, 12 মাৰ্চ:বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মিলিত হ'ল বিজেপিৰ নৱ নিযুক্ত সদস্য জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ বিজেপিত যোগদানৰ এদিনৰ পাচতেই বিজেপিৰ জেষ্ঠ নেতাৰ সৈতে মিলিত হয় সিন্ধিয়া ৷ অমিত শ্বাহ আৰু ৰাজনাথে সিঙে সিন্ধিয়াৰ আগমনে বিজেপিক অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰে ৷
কংগ্ৰেছ ত্যাগ কৰি বুধবাৰে জেপি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল সিন্ধিয়াই ৷ বিজেপিত যোগদান কৰিয়েই প্ৰথমবাৰৰ বাবে মুখ খুলিছিল সিন্ধিয়াই ৷ কংগ্ৰেছ দলটো আগৰ দৰে হৈ থকা নাই বুলি উল্লেখ কৰাৰ লগতে দলটোৱে বাস্তৱক অগ্ৰাহ্য কৰা, নতুন চিন্তাধাৰা, নতুন নেতৃত্বক গুৰুত্ব নিদিয়াটোৱেই দল ত্যাগৰ প্ৰধান কাৰণ বুলি কয় ৷