নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: সোমবাৰে ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেয়ে ভাৰতৰ 47 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৷ সোমবাৰে পুৱা 9.30 শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে ৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে 18 অক্টোবৰত প্ৰক্ষেপ কৰিছিল ন্যায়াধীশ গৰাকীৰ নাম ৷ উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ আছিল শৰদ অৰবিন্দ ব’বডে ৷ মুখ্য ন্যায়াধীশ হিচাপে 18 মাহ কাৰ্যকাল পাব ব’বডেয়ে ৷ 2021 চনৰ 23 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব ন্যায়াধীশ ব’বডেয়ে ৷
দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ এচ এ ব’বডেৰ - উচ্চতম ন্যায়ালয়
ভাৰতৰ 47 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেৰ ৷ শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷
মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ ন্যায়াধীশ এচ এ ব’বডেৰ