নিউজ ডেস্ক, 24 মাৰ্চঃ দেশৰ প্ৰথমগৰাকী লোকপাল হিচাপে শপতগ্ৰহণ ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষৰ ৷ শনিবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ন্যায়াধীশগৰাকীক লোকপাল হিচাপে শপতবাক্য পাঠ কৰায় ৷
দেশৰ প্ৰথম গৰাকী লোকপাল ন্যায়াধীশ পি চি ঘোষৰ শপতগ্ৰহণ - Lokpal
শনিবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ন্যায়াধীশগৰাকীক লোকপাল হিচাপে পাঠ কৰালে শপতবাক্য

সৌজন্যঃ ANI
সৌজন্যঃ ANI
উক্ত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু উপস্থিত থাকে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত 8জনীয়া কমিটিয়ে লোকপালৰ নাম নিৰ্বাচিত কৰিছিল ৷ পৰৱৰ্তী সময়ত চলিত মাহৰ 19 তাৰিখে ঘোষণা কৰা হৈছিল ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষৰ নাম ৷