অসম

assam

ETV Bharat / bharat

ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত: মুখ্য ন্যায়ধীশ - Justice must never take the form of revenge: CJI

হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ অভিযুক্তক আৰক্ষীয়ে এনকাউণ্টাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই ৷ তেওঁ কয় যে, অপৰাধী বিচাৰ ব্যৱস্থাত নিশ্চয় অৱলোকন আৰু পুনৰীক্ষণৰ প্ৰাসংগিকতা আছে,কিন্তু ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত ৷

Justice must never take the form of revenge: CJI
ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত: মুখ্য ন্যায়ধীশ

By

Published : Dec 7, 2019, 7:59 PM IST

যোধপুৰ,7 ডিচেম্বৰঃহায়দৰাবাদ দলবদ্ধ ধৰ্ষণকাণ্ডৰ চাৰিটা অভিযুক্ত তেলেংগানা আৰক্ষীৰ হাতত এনকাউণ্টাৰ হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত ৷

শনিবাৰে যোধপুৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্য বিচাৰপতিগৰাকীয়ে ৷

তেওঁ লগতে কয়,"এইক্ষেত্ৰত কোনো সন্দেহ নাই যে অপৰাধী বিচাৰ ব্যৱস্থাত নিশ্চয় অৱলোকন আৰু পুনৰীক্ষণৰ প্ৰাসংগিকতা আছে, বিশেষকৈ গোচৰ নিষ্পত্তিৰ বাবে নিৰ্ধাৰিত সময় ধাৰ্য কৰাৰ বিষয়ত ৷"

ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত: মুখ্য ন্যায়ধীশ

তেওঁ আৰু কয়,"মই নাভাবো যে ন্যায় প্ৰদান ব্যৱস্থা তৎকালীন হ'ব পাৰে বা হ'ব লাগিব ৷ মই বিশ্বাস কৰো যে প্ৰতিশোধৰ মাধ্যমেৰে ন্যায়ে ন্যায় ব্যৱস্থাৰ মূল চাৰিত্ৰিক বৈশিষ্ট্যসমূহ হেৰুৱাই পেলায় ৷"

উল্লেখ্য যে, তেলেংগানা আৰক্ষীৰ তথ্যনুসৰি চাৰিটা মুখ্য অভিযুক্ত শুকুৰবাৰে পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল ৷

27 নৱেম্বৰৰ নিশা চাৰিটা অভিযুক্তই পশু চিকিৎসকগৰাকীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিছিল ৷ যুৱতীগৰাকীৰ মৃতদেহ 28 নৱেম্বৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ৷

আৰু পঢ়কপিঁয়াজে কন্দুৱাইছে

ABOUT THE AUTHOR

...view details