নিউজ ডেস্ক, 23 চেপ্তেম্বৰঃদেশৰ শীৰ্ষ পদবীত অধিস্থিত হৈ অসমলৈ গৌৰৱ কঢ়িয়ালে আন এগৰাকী অসমীয়াই ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ হিচাপে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শপতবাক্য পাঠ কৰোৱায় ন্যায়াধীশ হৃষীকেশ ৰয়ক ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিস্থিত হ'বলৈ সক্ষম হোৱা ন্যায়াধীশ হৃষীকেশ ৰয় হৈছে সপ্তমগৰাকী অসমীয়া ৷ কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰা ন্যায়াধীশ হৃষিকেশ ৰয়ৰ লগতে আন তিনিগৰাকী ন্যায়াধীশক সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে ৷
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিযুক্তি প্ৰদান কৰা আন তিনিগৰাকী ন্যায়াধীশ হৈছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কৃষ্ণ মুৰাৰী, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম ৷ সোমবাৰে নিযুক্তি দিয়া আটাইকেইগৰাকী ন্যায়াধীশকে গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷
2004 চনৰ ডিচেম্বৰ মাহৰ 12 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ন্যায়াধীশ হৃষীকেশ ৰয়ে ৷ 2006 চনৰ অক্টোৱৰ মাহৰ 10 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰা ন্যায়াধীশ হৃষীকেশ ৰয়ে 2008 চনৰ জুলাই মাহৰ 15 তাৰিখৰ পৰা এগৰাকী পূৰ্ণাংগ ন্যায়াধীশৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷ 2018 চনৰ মে' মাহৰ 29 তাৰিখৰ পৰা ন্যায়াধীশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ তদাৰকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল ৷ পৰৱৰ্তী সময়ত আগষ্ট মাহৰ 8 তাৰিখে কেৰালা উচ্চ ন্যায়ালয়ৰ 35সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিছিল ন্যায়াধীশ হৃষীকেশ ৰয়ে ৷
অসম সন্তান ন্যায়াধীশ হৃষীকেশ ৰয় 1960 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে অসমত জন্মগ্ৰহণ কৰা ন্যায়াধীশ হৃষীকেশ ৰয়ে দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল' চেন্টাৰৰ পৰা 1982 চনত আইনৰ ডিগ্ৰী লাভ কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত হৈ থকা অৱস্থাত ন্যায়াধীশ ৰয়ে বহুকেইটা গুৰুত্বপূৰ্ণ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল ৷ ইয়াৰ ভিতৰত প্ৰশাসনিক বিভাগৰ দায়িত্ববাহী ন্যায়াধীশ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সঁজাতী ন্যায়াধীশ, অৰুণাচল প্ৰদেশৰ আইন সেৱা প্ৰাধিকাৰীৰ দায়িত্ব, অসম আইন সেৱা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী ন্যায়াধীশ, ইণ্ডিয়ান ল' ইনষ্টিটিউটৰ অসম শাখাৰ মুখ্য কাৰ্যবাহী তথা নেশ্বনেল জুডিচিয়েল একাডেমিক কাউন্সিলৰ নিৰ্বাচিত সদস্য আদি আছিল অন্যতম ৷
ন্যায়াধীশ ৰয়ে "সাঁকো" আৰু "অপনে অজনবি" নামে দুখনকৈ চুটি তথ্যচিত্ৰও নিৰ্মান কৰিছিল ৷ অসম আইন সেৱা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী ন্যায়াধীশৰূপে সমাজৰ পিচপৰা ৰাইজক আইন সেৱা প্ৰদান কৰিবলৈ তেওঁৰ নেতৃত্বতে ৰাজ্যত আৰম্ভ হৈছিল “Reach Out & Respond” নামৰ কৰ্মসূচী ৷ ইণ্ডিয়ান ল' ইনষ্টিটিউটৰ অসম শাখাৰ মুখ্য কাৰ্যবাহী হিচাপে তেখেতে ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণৰ সৈতেও জড়িত আছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিউজ লেটাৰ "ATMAN"ৰ দহ বছৰ ধৰি সম্পাদনা কৰিছিল ন্যায়াধীশ হৃষীকেশ ৰয়ে ৷
উল্লেখ্য যে, দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চলিত বৰ্ষৰ মে' মাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ন্যায়াধীশসকলৰ অৱসৰৰ সময় 65 বছৰ কৰিবলৈ আহ্বান জনাইছিল ৷ পৰৱৰ্তী সময়ত জুলাই মাহৰ 31 তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ন্যায়াধীশৰ সংখ্যা 30ৰ পৰা 33 গৰাকীলৈ বৃদ্ধি কৰাত সন্মতি প্ৰদান কৰিছিল কেন্দ্ৰই ৷ সংসদৰ অধিৱেশনৰ সময়ত আগষ্ট মাহৰ 7 তাৰিখে উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগতে 10 আগষ্টত বিধেয়কখন আইনত পৰিনত কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিল ৷