অসম

assam

আইনৰ তুলাচনীত এতিয়াও সমান নহয় ভাৰতৰ ন্যায় ব্যৱস্থা

By

Published : Aug 6, 2020, 5:05 PM IST

দুৰ্নীতি কৰাৰ বাবে 15 বছৰৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক কাৰাদণ্ড প্ৰদান কৰা হৈছিল ৷ কিন্তু দক্ষিণ কোৰিয়াৰ এই উদাহৰণ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ হিচাপে খ্যাত ভাৰতত একেবাৰেই বিপৰীত ৷ কিয়নো ভাৰতত ন্যায় এতিয়াও মৰিচীকা সদৃশ ৷

ভাৰতৰ ন্যায় ব্যৱস্থা
ভাৰতৰ ন্যায় ব্যৱস্থা

নিউজ ডেস্ক, 6 আগষ্ট:শেহতীয়া প্ৰযুক্তিৰ অগ্ৰগতিৰ সমান্তৰালকৈ অপৰাধ আৰু নৃশংসতা নিৰবচ্ছিন্নভাৱে অব্যাহত আছে ৷ কিন্তু আমাৰ ন্যায়পালিকা এতিয়াও পুৰণি প্ৰথা সমূহতে আবদ্ধ ৷ যাৰ দ্বাৰা ভাৰতত ন্যায় এতিয়াও মৰিচীকা সদৃশ হৈ আছে ৷ 2001 চনত তেহেলকাৰ দ্বাৰা পৰিচালিত অপাৰেশ্যন ৱেষ্ট এণ্ড নামৰ এটা ষ্টিং অপাৰেশ্যনে ভাৰতৰ সশস্ত্ৰ সেনা বাহিনীৰ অন্ধকাৰ দিশ আৰু তদানীন্তন শাসনাধীন এনডিএ দলৰ গুপ্ত ৰক্ষা বুজাবুজিৰ বিষয়টো উন্মোচন কৰিছিল ৷

সামাজিক বিচাৰ কেন্দ্ৰৰ সহযোগিতাত টাটা ট্ৰাষ্টে প্ৰস্তুত কৰা The India Justice Report (2019) ত প্ৰকাশ পোৱা অনুসৰি, ভাৰত আইন বিধি সূচকাংকৰ ক্ষেত্ৰত 126 খন দেশৰ ভিতৰত 68 তম স্থানত আছে ৷ হিংসাত্মক ঘটনাৰ বৃদ্ধিয়ে জিডিপিৰ 9 শতাংশ সমপৰ্যায়ৰ ক্ষতিসাধন কৰিছে ৷

প্ৰত্যেক গৰাকী বিত্তমন্ত্ৰীৰ বাবে ৰক্ষা ক্ষেত্ৰৰ প্ৰতিটো কেন্দ্ৰীয় বাজেটত ইয়াক সৰ্বোচ্চ হিচাপে ঘোষণা কৰাৰ এক নীতি হৈ পৰিছিল ৷ কিন্তু CAG ৰ প্ৰতিবেদন সমূহত সামান্য আবণ্টন আৰু বহুল ভ্ৰষ্টাচাৰৰ এক অন্য ছবিহে প্ৰতিফলিত কৰা হৈছে ৷

2001 চনত ভাৰতীয় সংবাদ আলোচনী তেহেলকাই ৱেষ্ট এণ্ড ইণ্টাৰনেশ্যনেল নামেৰে এক কাল্পনিক লণ্ডনভিত্তিক অস্ত্ৰ নিৰ্মাণ কোম্পানী প্ৰস্তুত কৰে ৷ তদন্তকাৰী সাংবাদিক সকলে হাতে সজা থাৰ্মেল কেমেৰা আৰু অন্য সৈনিক উপকৰণ সমূহ বিক্ৰী কৰাৰ চলেৰে বহু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে ৷

তেহেলকাই এই অপাৰেশ্যনক সফল কৰিবলৈ 10.8 লাখ টকা ব্যয় কৰে, যি অধিকাংশ বিষয়া আৰু ৰাজনীতিবিদক উৎকোচ আৰু কমিচন দিওতে খৰচ হয় ৷ কিন্ত ই ভাৰতৰ ৰাজনীতিবিদ আৰু আমোলাতান্ত্ৰিক মানুহৰ লোভ আৰু নৈতিক স্খলনৰ বিষয়ে উদঘাটন কৰে ৷ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মোলায়ান সিং যাদৱে অকপটে কৈছিল যে, প্ৰতিৰক্ষা চুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি এক সাধাৰণ ঘটনা ৷ এইয়া সত্য যে, অপাৰেশ্যন ৱেষ্ট এণ্ডত জ্যেষ্ঠ পৰ্যায়ৰ বিষয়া সকলক উৎকোচ দিয়া আৰম্ভ হৈছিল আৰু বিজেপিৰ বাংগাৰু লক্ষ্মণ আৰু তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজলৈ ই জড়িত হৈ আছিল ৷ 2001 চনৰ মাৰ্চ মাহত প্ৰকাশিত এই অপাৰেশ্যনৰ ভিডিঅ' সম্বলিত চিডি সমূহে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছিল ৷

প্ৰস্তাৱ আগুৱাই নিবলৈ লক্ষ্মণে 1 লাখ টকা লোৱা দৃশ্যই সমগ্ৰ দেশকে হতচকিত কৰি তোলে ৷ সমতা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু কোষাধ্যক্ষ জয়া জেটলীৰ লগতে আৰ.কে জৈন উৎকোচ লোৱা ব্যক্তি সকলৰে অন্যতম আছিল ৷

তথাপিও আদালতে এই দুৰ্নীতিৰ লগত জড়িত বহু কৰ্মীক দোষী সাব্যস্ত কৰে যদিও, ৰাজনীতিবিদ সকলৰ বিৰুদ্ধে কোনো ধৰণৰ গুৰুতৰ আৰোপ নলগায় ৷ বহু বছৰৰ অনুসন্ধানৰ পাচত, চিবিআইৰ এক আদালতে শেহতীয়াকৈ জয়া জেটলী আৰু অন্য দুগৰাকী লোকক প্ৰতিৰক্ষা চুক্তি সম্পৰ্কীয় দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত কৰে ৷ যদিও এই ক্ষেত্ৰত জেটলীক 4 বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল, তথাপিও তৎক্ষণাতে তেওঁৰ জামিন জাৰি কৰা হৈছিল ৷ ই ভাৰতৰ আইন আৰু ন্যায়ৰ বাস্তৱিক ছবি খন উদঙাই দিয়ে ৷

প্ৰকৃত প্ৰমাণ থকাৰ পাচতো অন্তিম সিদ্ধান্ত জাৰি কৰিবলৈ চিবিআইৰ কিয় ইমান সময় লাগিল তেহেলকা অপাৰেশ্যনৰ ন্যায়ৰ বাবে ? দ্য ৱান মেন কমিচন ভেংকট স্বামীয়ে প্ৰতিৰক্ষা চুক্তিত হোৱা দুৰ্নীতিৰ ক্ষেত্ৰত আলোচনী খনৰ দুৰ্নীতি প্ৰকাশ সম্পৰ্কে তদন্ত কৰে ৷

ভেংকট স্বামীয়ে 20 মাহৰ বাবে এক উচ্চস্তৰীয় অনুসন্ধানৰ অধ্যক্ষতা কৰিছিল আৰু 181 খন বৈঠক অনুষ্ঠিতও কৰিছিল, যাৰ পাচত ৰাজনৈতিক চাপৰ বাবে তেওঁ পদত্যাগ কৰিবলগীয়া হয় ৷

তৎতকালীন ইউপিএ চৰকাৰে ফুকন আয়োগৰ কাৰ্যকাল বৃদ্ধিৰ ক্ষেত্ৰত বাধা আৰোপ কৰে ৷ যিয়ে 2003 চনৰ জুলাই মাহৰ পৰা তেহেলকা টেপসমূহৰ বিচাৰ-খোচাৰ কৰিছিল ৷ কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে যে, ইউপিএ চৰকাৰে জৰ্জ ফাৰ্নাণ্ডেজক ক্লীণ ছীট এচ.এন ফুকনক তিৰস্কাৰ কৰিছিল ৷ যদিও চিবিআই এ ৰাজনৈতিক নেতা আৰু প্ৰতিৰক্ষা কৰ্মকৰ্তা সকলৰ বিৰুদ্ধে 9 টা গোচৰ ৰুজু কৰিছিল ৷ বিশেষ চিবিআই আদালতত বাংগাৰু লক্ষ্মণক দোষী সাব্যস্ত কৰিবলৈ 4 বছৰ সময় লাগিছিল ৷ জয়া জেটলীৰ গোচৰতো আদালতে 8 বছৰৰ সময় লৈছিল ৷

ভাৰতত সাধাৰণ লোকৰ বাবে ন্যায় এক বিভ্ৰান্তিৰ বাহিৰে আন একো নহয় ৷ 1997 চনত উচ্চতম ন্যায়ালৰ এক ৰায়ে চিবিআইৰ স্বতন্ত্ৰতা সুনিশ্চিত কৰাৰ বাবে কেইবাটাও নিৰ্দেশনা তালিকাভুক্ত কৰে ৷

উচ্চতম ন্যায়ালয়ে অভিযোজন নিৰ্দেশক, ইংলেণ্ডৰ পন্থাক, এক নিৰপেক্ষ এজেন্সী স্থাপিত কৰিবলৈ আৰু নিয়ামক এজেন্সীক চিবিআই আৰু ই.ডিৰ সঞ্চালনাৰ অৰ্পনৰ দায়িত্ব প্ৰদান কৰে ৷ কিন্তু ধাৰাবাহিক চৰকাৰ সমূহে নিৰ্দেশনাসমূহ নিষ্ক্ৰিয় কৰি তদন্ত সংস্থাক চৰকাৰৰ অন্য এটা শাখালৈ ৰূপান্তৰিত কৰে ৷

দুৰ্নীতি কৰাৰ বাবে 15 বছৰৰ বাবে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক কাৰাদণ্ড প্ৰদান কৰা হৈছিল ৷ কিন্তু দক্ষিণ কোৰিয়াৰ এই উদাহৰণ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ হিচাপে খ্যাত ভাৰতত একেবাৰেই বিপৰীত ৷

অপ্ৰচলিত অপৰাধিক ন্যায় প্ৰণালী আৰু সাক্ষ্য অধিনিয়মৰ সংস্কৰণ, নৱীন পৰীক্ষণ বিধিসমূহ অনা আইনী কাৰ্যসমূহত প্ৰযুক্তিগত বিকাশ আৰম্ভ কৰিলে সকলোৰে ন্যায় সুনিশ্চিত হ'ব ৷ ই শতিকাৰ আটাইতকৈ দীঘলীয়া দুৰ্নীতিৰ গোচৰ সমূহ সমাপ্ত কৰিব আৰু ভাৰতীয় ৰাজনীতিত অপৰাধীকৰণৰ ব্যাপকতাক কম কৰিব ৷

লগতে পঢ়ক:বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিত বাধা প্ৰদানৰ প্ৰচেষ্টা ভাৰতৰ

ABOUT THE AUTHOR

...view details