অসম

assam

ETV Bharat / bharat

সামাজিক উন্নয়নৰ হকে কাম কৰি যোৱা এগৰাকী যুৱতী - UNICEF পুৰস্কাৰ

ওড়িশাৰ বন্ধুৰী এলেকাৰ কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা ৷ সমাজত বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিছিল যুৱতী গৰাকীয়ে ৷

কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা
কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা

By

Published : Dec 15, 2019, 3:21 PM IST

নেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ:ওড়িশাৰ বন্ধুৰী এলেকাৰ কোণ্ডু জনজাতিৰ এগৰাকী যুৱতী জুলিমা৷ জুলিমাই নিজ পৰিয়ালক আৰ্থিকভাৱে কিছু সমৰ্থন দিবলৈ নিজৰ শিক্ষাক জলাঞ্জলি দি শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে ৷ সেই সময়তে তাই এটা বেচৰকাৰী সংগঠনত যোগদান কৰে আৰু সমাজত বাল্য বিবাহৰ কুপ্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিছিল ৷ নিজৰ আদিবাসী সমাজখনত হোৱা প্ৰায় 12খনকৈ বাল্য বিবাহত বাধা প্ৰদানো কৰিছিল ৷

তেওঁ মুক্ত বিদ্যালয়ত নিজৰ শিক্ষা অব্যাহত ৰাখি নিজৰ বন্ধু-বান্ধৱী সকলকো বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষাৰ দিশে অগ্ৰসৰ হ'বলৈ প্ৰেৰণা প্ৰদান কৰিছিল ৷ তেওঁ সহপাঠী সকলক আগবাঢ়ি যোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ যিসকলে নামভৰ্তিত অসুবিধা হোৱাৰ বাবে নিজৰ শিক্ষা বাদ দিছিল সেইসকলৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰছিল ৷

বৰ্তমান জুলিমাই শিশু অধিকাৰ ৰক্ষা আৰু তেওঁ বাস কৰা জিলাৰ আশে পাশে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কাম কৰি আছে ৷ শিক্ষাৰ অধিকাৰ আৰু বাল্য বিবাহৰ সামাজিক কুফলৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ বাবে তেওঁক UNICEF পুৰস্কাৰ প্ৰদান কৰা হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পুৰস্কাৰৰ বাবে মনোনীত 10 লোকৰ ভিতৰত জুলিমা আছিল অন্যতম ৷ UNICEF পুৰস্কাৰ সেইসকল লোককহে দিয়া হয়, যিসকলে সমাজৰ লোকৰ হিতৰ বাবে কাম কৰি যায় ৷

লগতে পঢ়ক:ৰাষ্ট্ৰপতি ভৱনত দেশৰ শীৰ্ষস্থানীয় উচ্চশিক্ষা প্ৰতিষ্ঠানৰ 46 জন প্ৰমুখ্যৰ সন্মিলন

ABOUT THE AUTHOR

...view details