নেশ্বনেল ডেস্ক, 20 জানুৱাৰীঃসোমবাৰে জগত প্ৰকাশ নাড্ডাক ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷ বিনা প্ৰতিদ্বন্দিতাত নিৰ্বাচিত হয় নেতাগৰাকী ৷ এই ঘোষণাৰ সময়ত অমিত শ্বাহ, ৰাজনাথ সিঙ আৰু নীতিন গাডকাৰীকে ধৰি বিজেপি দলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা - বিজেপিৰ মূখ্৷ কাৰ্যালয়
বিনা প্ৰতিদ্বন্দিতাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয় জগত প্ৰকাশ নাড্ডা ৷
![বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত জগত প্ৰকাশ নাড্ডা জগত প্ৰকাশ নাড্ডা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5774732-thumbnail-3x2-kk.jpg)
জগত প্ৰকাশ নাড্ডা
বিজেপিৰ মূখ্য় কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বৰ্ধনা জনাব জগত প্ৰকাশ নাড্ডাক ৷ হিমাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী নাড্ডাৰ সাংগঠনিক অভিজ্ঞতা থকাৰ লগতে 2019 বৰ্ষৰ জুন মাহত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পিচত শাসকীয় দলটোৰ কাৰ্যকৰী সভাপতি আছিল ৷