নিউজ ডেস্ক, 15 এপ্ৰিলঃ বিহাৰৰ নালন্দাত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড ৷ দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত হত্যাকাণ্ডৰ বলি হয় এগৰাকী প্ৰতিষ্ঠিত সাংবাদিকৰ সন্তান ৷ নালন্দাৰ আৰক্ষী অধীক্ষক নীলেশ কুমাৰে সংবাদ প্ৰতিষ্ঠান ANIৰ আগত প্ৰকাশ কৰিছে এই কথা ৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি হত্যাৰ আগতেই কিশোৰজনৰ চকু খুচি উলিয়াই পেলাইছিল হত্যাকাৰীয়ে ৷ ইয়াৰ বাহিৰে কিশোৰজনৰ দেহত অন্যান্য কোনো চিন নাই যদিও হত্যাকাণ্ডৰ সমগ্ৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে স্পষ্ট হ'ব বুলি কয় আৰক্ষী অধীক্ষক নীলেশ কুমাৰে ৷
নালন্দাত হত্যাৰ বলি সাংবাদিকৰ সন্তান - নালন্দা হত্যাকাণ্ড
দেওবাৰে নিশাৰ ভাগত অচিনাক্ত দূৰ্বত্তই হত্যা কৰে চান্নু কুমাৰ নামৰ কিশোৰজনক
নালন্দাত হত্যাৰ বলি সাংবাদিক সন্তান
হত্যাকাণ্ডৰ বলি হোৱা কিশোৰজন আৰক্ষীয়ে চান্নু কুমাৰ বুলি চিনাক্ত কৰিছে ৷ জানিব পৰা অনুসৰি চান্নু কুমাৰৰ পিতৃ দেশৰ আগশাৰীৰ এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক ৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি কোনো ব্যক্তিগত কাৰণতেই এই হত্যাকাণ্ড সংঘটিত হ'ব পাৰে যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷