নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰি প্ৰাণ হেৰুৱাবলগীয়া হ'ল তামিলনাডুৰ এজন সাংবাদিকে। দেওবাৰে নিশা চেন্নাইৰ পৰা ৪০ কিল'মিটাৰ দূৰত্বত থকা চ'মংগলম নামৰ ঠাইত ৩ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে নৃশংসভাৱে হত্যা কৰে ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিক জি মছেছক। ৬ মাহ পূৰ্বে সাংবাদিকগৰাকীয়ে তামিলনাডুৰ পণ্ডিয়ানল্লুৰ এটা হ্ৰদৰ সমীপৰ ভূমি বেদখলৰ বাতৰি প্ৰচাৰ কৰি বেদখলকাৰীৰ বিৰুদ্ধে আপত্তিজনক তথ্য উন্মোচন কৰিছিল।
মছেছক প্ৰথমে এই বাতৰি প্ৰচাৰৰ বাবে মৃত্যুৰ ভাবুকিও দিয়া হৈছিল আৰু পিতৃয়ে আৰক্ষী থানাত গোচৰো ৰুজু কৰিছিল। কিন্তু আৰক্ষীয়ে এই গোচৰৰ কোনো তদন্ত নকৰিলে। দেওবাৰে পিতৃৰ সৈতে ঘৰলৈ উভতাৰ পথত ৩ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে সংবাদিকগৰাকীক আক্ৰমণ কৰে। চুৰিৰে উপৰ্যুপৰি হানি-খুচি হত্যা কৰে জি মছেছক। সাংবাদিকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুৰে হাৰ মানে।