নিউজ ডেস্ক, 2 এপ্ৰিলঃ যোগী আদিত্যনাথ চৰকাৰৰ আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিকক ৷ দেশব্যাপী চলি থকা লকডাউনৰ মাজতে ৰাম জন্মভূমিত আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানক লৈ মন্তব্য কৰাৰ পিচতেই গ্ৰেপ্তাৰ হয় সাংবাদিকগৰাকী ৷ ধৃত সাংবাদিকগৰাকী দেশৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান 'The Wire'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ ভৰদৰাজন ৷
ৰাম নৱমী উপলক্ষে আয়োজন কৰা অনুষ্ঠানক লৈ সাংবাদিকগৰাকীয়ে টুইট কৰিছিল আৰু তাৰ পিচতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে সাংবাদিকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ সিদ্ধাৰ্থে এই ঘটনাক ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰনোদিত বুলি প্ৰকাশ কৰে ৷