অসম

assam

By

Published : Apr 26, 2019, 4:34 PM IST

ETV Bharat / bharat

নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰাকৈ উভতিব লগা হ'ল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী

বিমানৰ ইঞ্জিন বিকল হৈ পৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আদবাটৰ পৰা উভতিব লগা হয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী ৷

আধাবাটৰ পৰা উভতিব লগা হয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী

নিউজ ডেস্ক,২৬ এপ্ৰিল : শুকুৰবাৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ উভতিব লগা হ'ল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী । বিহাৰৰ সমষ্টিপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল কংগ্ৰেছৰ অধ্যক্ষগৰাকী । কিন্তু যাত্ৰা কৰা বিমানখনৰ ইঞ্জিন বিকল হৈ পৰাত দিল্লীলৈ উভতিব লগা হয় গান্ধী । আনহাতে, বিহাৰৰ সমষ্টিপুৰৰ নিৰ্বাচনী সভাৰ পাছতেই ওড়িশাৰ বালাশূৰ আৰু মহাৰাষ্ট্ৰৰ সংগমনেৰত অনুষ্ঠিত নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰাৰ কথা আছিল গান্ধীৰ । বিমানৰ অসুবিধাৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত পলমকৈ উপস্থিত হ'ব বুলি টুইটযোগে জনায় ৰাহুল গান্ধীয়ে।

ABOUT THE AUTHOR

...view details