অসম

assam

By

Published : Jan 8, 2020, 7:56 PM IST

ETV Bharat / bharat

JNUSUৰ সভাপতি এছে ঘোষৰ গোচৰ ৰুজু

JNU কাণ্ডৰ পাচতে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে ছাত্ৰ একতা সভাৰ সভাপতি এছে ঘোষে ৷ হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে ঘোষে ৷

JNU হিংসা
এছে ঘোষৰ গোচৰ ৰুজু

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি এছে ঘোষে দেওবাৰে বিশ্ববিদ্যালয় চৌহদত সংঘটিত হোৱা হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ গোচৰত ঘোষে উল্লেখ কৰে, "ঘটনা সন্দৰ্ভত মই এক গোচৰ ৰুজু কৰিছো ৷ এই ঘটনাত এটা দলে মোক ভীতিগ্ৰস্ত,নিৰ্যাতন কৰাৰ লগতে হত্যাৰ অপচেষ্টা চলায় ৷ সেয়েহে অপৰাধীক শীঘ্ৰে আটক গ্ৰেপ্তাৰ কৰিবলৈ এই গোচৰ ৰুজু কৰিছো ৷"

5 জানুৱাৰীত এছে ঘোষে মন্তব্য কৰে যে,দুপৰীয়া সময়ত তেওঁ কিছু বন্ধুৰ পৰা আগজাননী লাভ কৰে যে, ABVPৰে সম্পৰ্ক থকা কিছু ছাত্ৰ আৰু অচিনাক্ত যুৱক-যুৱতীয়ে লোহা,লাঠি লৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছে ৷ "মোক আৰু নিখিল মেথিউ নামৰ এজন বন্ধুক মুখা পিন্ধা দুস্কৃতিকাৰীৰ দলটোৱে আগুৰি ধৰে ৷ প্ৰায় 20-30 জনীয়া দলটোৱে মোক এখন বাহনৰ পাচফালে টানি নি ঘেৰি ধৰে আৰু পৰি নোযোৱালৈকে মোক আক্ৰমণ কৰে ৷ মই কেৱল ৰঙা চোলা পৰিহিত এজন লোকৰ চেহেৰা মনত ৰাখিব পাৰিছো ৷ যিহেতু তেওঁ মুখা পিন্ধা নাছিল সেয়েহে মই তেওঁৰ চেহেৰা দেখিছো আৰু দেখিলে চিনিব পাৰিম ৷"লগতে কয়,"এই লোকসকলে মোক লোহাৰে মূৰত বহুবাৰ আঘাত কৰিছে ৷ মই তলত বাগৰি পৰিলো আৰু মূৰৰ পৰা তেজ ওলাবলৈ ধৰিলে ৷ ইয়াৰ পাচতো বহুকেইজনে মোক ভৰিৰে আঘাত কৰাৰ লগতে লোহাৰেৰে হাত,মূৰ,বুকু আৰু পিঠিত আক্ৰমণ কৰে ৷"

তেওঁ লগতে কয়,"এই গোচৰৰ সৈতে মই মেডিকেল ৰিপোৰ্ট সংযোগ কৰিছো ৷ নিখিল মেথিউয়ে মোক ৰক্ষা কৰাৰ চেষ্টা কৰে যদিও লোহাৰ হাতুৰি আৰু অন্য অস্ত্ৰৰে তেওঁৰ মূৰ আৰু হাতত আঘাত কৰে ৷ সেই দলটোৱে মোক হত্যা কৰাৰ চেষ্টা কৰিয়ে চৌহদত প্ৰৱেশ কৰিছিল ৷"

আৰু পঢ়ক : ভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

ABOUT THE AUTHOR

...view details