অসম

assam

ETV Bharat / bharat

জে এন ইউ কাণ্ডৰ তদন্ত হস্তান্তৰ দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক - দিল্লী আৰক্ষীৰ অপৰাধ শাখা

জৱাহাৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ হিংসাত্মক কাৰ্যৰ লগত জড়িত গোচৰ সমূহ দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক স্থানান্তৰিত কৰিছে দিল্লী আৰক্ষীয়ে ৷

দিল্লী আৰক্ষীৰ অপৰাধ শাখা
দিল্লী আৰক্ষীৰ অপৰাধ শাখা

By

Published : Jan 6, 2020, 3:39 PM IST

Updated : Jan 6, 2020, 4:16 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী:প্ৰতিবেদন অনুসৰি সোমবাৰে দিল্লী আৰক্ষীয়েজৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ হিংসাত্মক কাৰ্যৰ লগত জড়িত গোচৰ সমূহ হস্তান্তৰ কৰিলে দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক ৷ বিশ্ববিদ্যলয়খনত মূখা পৰিধান কৰি অহা লোকে হিংসা কাণ্ড সংঘটিত কৰাৰ এদিন পিচত এই পদক্ষেপ গ্ৰহণ কৰে ৷ বিশ্ববিদ্যালয়খনৰ দুগৰাকী শীৰ্ষ বিষয়াই এল.জি অনিল বৈজালৰ লৈতে সাক্ষাৎ কৰি প্ৰতিষ্ঠানখনত বিৰাজ পৰিস্থিতি সম্পৰ্কে অৱগত কৰে ৷

জেএনইউৰ গোচৰ টি দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত অন্তৰ্ভুক্ত হোৱা বিষয়টো গৃহ মন্ত্ৰণালয়ৰ কৰ্মকৰ্তা সকলে অৱগত কৰে ৷ আৰক্ষী কৰ্মকৰ্তা সকলে ইতিমধ্যে প্ৰমাণ সংগ্ৰহ অভিযান আৰম্ভ কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ লগত বাৰ্তালাপো কৰিব ৷ ইপিনে জেএনইউৰ পঞ্জীয়ক আৰু উপাধ্যক্ষই দিল্লীৰ এল.জিৰ সৈতে লগ কৰি প্ৰতিষ্ঠানখনত বিৰাজ পৰিস্থিতি সম্পৰ্কে অৱগত কৰে ৷ আন এগৰাকী কৰ্মকৰ্তাই জানিবলৈ দিয়া অনুসৰি,AIIMSৰ ট্ৰামা চেন্টাৰ আৰু ছফদৰজং হাস্পতালত ভৰ্তি হৈ থকা 35 গৰাকী আহত শিক্ষাৰ্থীৰ মোডিকেল লীগেল কেছ সমূহ সম্পূৰ্ণ হৈছে ৷

দেওবাৰে নিশা জেএনইউত এক হিংসাত্মক পৰিস্থিতিৰ উদ্ৰেক হয়,যেতিয়া লাঠি,ৰ'ড আদি লৈ মূখা পিন্ধি সোমোৱা লোকে বিশ্ববিদ্যলয়খনৰ চৌহদত সোমাই শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ওপৰত আক্ৰমণ চলায় আৰু চৌহদৰ সম্পত্তি সমূহ ক্ষতিগ্ৰস্ত কৰে তেনে সময়তে সমগ্ৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে বিশ্ববিদ্যলয় প্ৰশাসনে আৰক্ষীক খবৰ দিয়ে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দেৱেন্দ্ৰ আৰ্যই কয়,"আমি কালিৰ ঘটনা সম্পৰ্কে এখন এফ.আই.আৰ পঞ্জীভুক্ত কৰিছো ৷ চ'ছিয়েল মিডিয়া আৰু চিচি টিভি ফুটেজ সমূহো এই তদন্তৰ অন্তৰ্ভুক্ত হ'ব ৷"

লগতে পঢ়ক :JNU বিক্ষোভঃ এ এম ইউ, জামিয়া, এফ টি টি আইৰ একত্ৰিত প্ৰতিবাদ

Last Updated : Jan 6, 2020, 4:16 PM IST

ABOUT THE AUTHOR

...view details