নতুন দিল্লী, 6 জানুৱাৰীঃদেওবাৰে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত সংঘটিত হৈছিল শিলাবৰ্ষণৰ দৰে ঘটনা ৷ ঘটনাক লৈ বিশ্ববিদ্যালয় চৌহদত মোতায়েন কৰা হৈছিল সামৰিক আৰু অৰ্ধসাৰিক বাহিনী ৷
কিন্তু সন্ধিয়া ভাগত একাংশ মুখা পিন্ধা পুৰুষ-মহিলা উভয় দলে হাতত লাঠি, লোহাৰ ৰ’ড লৈ আক্ৰমণ চলায় ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ ওপৰত ৷ য’ত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষৰ লগতে অন্য দুগৰাকী বিষয়ববীয়া ৷
JNU ৰ আক্ৰমণ ঘটনাক সৰ্বত্ৰে নিন্দা এই ঘটনাৰ পাচতেই উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ ৷ ঘটনাত এবিভিপিৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শিলাবৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হয় এবিভিপিৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাই আয়োজন কৰা এখন সভাত সংঘটিত হয় এই ঘটনা ৷
এই আক্ৰমণৰ পাচত বিশ্ববিদ্যালয়খনৰ সভাপতি আইছি ঘোষে কয় যে,মোক বেয়াকৈ প্ৰহাৰ কৰা হৈছে ৷ একাংশ মুখা পিন্ধা লোকে মোৰ ওপৰত আক্ৰমণ চলায় ৷ মই জ্ঞাত নহয় তেওঁলোক কোন ! পিচত ততাতৈয়াকৈ তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ এই আক্ৰমণত বিশ্ববিদ্যালয়খনৰ সাধাৰণ সম্পাদক সতীশ চন্দ্ৰও আহত হয় ৷
বিশ্ববিদ্যালয়খনৰ উপ সভাপতি সাকেত মুনেও এই ঘটনাৰ আঁৰত এবিভিপিৰ সদস্য জড়িত আছে বুলি অভিযোগ উত্থাপন কৰি এইটো বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা পৰিচালিত হৈছিল বুলি উল্লেখ কৰে ৷ ৱাটাছএপৰ বাৰ্তা প্ৰশংস উত্থাপন কৰি উপ সভাপতিগৰাকীয়ে এবিভিপিয়ে বাহিৰৰ পৰা এটা বৃহৎ গুণ্ডাৰ দল তৈয়াৰ কৰি এই আক্ৰমণ সংঘটিত কৰে বুলি উল্লেখ কৰে ৷
আক্ৰমণ ঘটনাৰ পাচতেই দেশযুৰি প্ৰতিবাদ এই ঘটনা সন্দৰ্ভত প্ৰশাসনৰ পৰা এতিয়া লৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ৷ এই ঘটনাৰ পাচত বিশ্ববিদ্যালয়খনত পুনৰ অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ইয়াৰ পূৰ্বে এবিভিপিয়ে বাওঁপন্থী দলৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰিয়াৰ হোষ্টলত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ য’ত উপ সভাপতি পদৰ প্ৰাৰ্থী মনীষ জাংগিড়ৰ সহ বহু ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে শিলাবৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰিছে এবিভিপিয়ে ৷