অসম

assam

By

Published : Dec 19, 2020, 9:38 PM IST

ETV Bharat / bharat

গৱেষক শিক্ষাৰ্থীৰ বাবে সোমবাৰৰ পৰা পুনৰ খোলা হ'ব জে এন ইউ

সোমবাৰৰ পৰা গৱেষক শিক্ষাৰ্থীৰ বাবে পুনৰ খোলা হ'ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় । COVID-১৯ মহামাৰীৰ বাবে ৭ মাহে বন্ধ হৈ থকাৰ পিছত বিশ্ববিদ্যালয় খোলাৰ চতুৰ্থ পৰ্যায়ত গৱেষক শিক্ষাৰ্থীক বিশ্ববিদ্যালয়ত প্ৰৱেশৰ অনুমতি দিয়া হৈছে । মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় পুথিভঁৰাল, সকলো কেণ্টিন আৰু ধাবা বন্ধ থাকিব বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে ।

পি এইচ ডি স্কলাৰৰ বাবে সোমবাৰে খোলা হ'ব জে এন ইউ
পি এইচ ডি স্কলাৰৰ বাবে সোমবাৰে খোলা হ'ব জে এন ইউ

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: COVID-১৯ মহামাৰীৰ বাবে ৭ মাহে বন্ধ হৈ থকাৰ পিছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় পুনৰ খোলাৰ চতুৰ্থ পৰ্যায়ত এতিয়া গৱেষক শিক্ষাৰ্থী সকলক প্ৰৱেশৰ অনুমতি দিয়া হৈছে । সোমবাৰৰ পৰা পি এইচ ডি স্কলাৰৰ বাবে পুনৰ খোলা হ'ব বিশ্ববিদ্যালয়খন । গৱেষণাগাৰলৈ যাব বিচৰা পি এইচ ডিৰ শিক্ষাৰ্থীসকলক অহা ২১ ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে কৰ্তৃপক্ষই । বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক প্ৰমোদ কুমাৰে প্ৰকাশ কৰিছে যে, শিক্ষাৰ্থীসকলে ৭ দিনৰ বাবে বাধ্যতামূলকভাৱে কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু স্ব-ঘোষণা পত্ৰ জমা দিব লাগিব ।

লগতে মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল, সকলো কেণ্টিন আৰু ধাবা বন্ধ থাকিব বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছে । সংক্ৰমণৰ সন্দৰ্ভত আগতীয়া তথ্য লাভৰ বাবে সাৱধনতামূলক পদক্ষেপ হিচাপে বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থী, কৰ্মচাৰীয়ে আৰোগ্য সেঁতু এপ ইনষ্টল কৰাতো সুনিশ্চিত কৰা হ'ব । প্ৰতিটো বিভাগৰে মুৰব্বীয়ে প্ৰতিগৰাকী ব্যক্তিক নিজৰ মোবাইল ফোনত এই এপ ইনষ্টল কৰাৰ বাবে আৰু নিয়মিতভাৱে নিজৰ স্বাস্থ্যৰ বিষয়ে আপডেট কৰাৰ পৰামৰ্শ দিব ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা মতে, বৈঠকবোৰ ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰিব লাগিব আৰু কাৰ্যালয়ত কাম চলি থকা সময়ত এয়াৰ কণ্ডিচনাৰৰ পৰিৱৰ্তে কোঠাৰ দুৱাৰ-খিৰিকী খুলি ৰাখিব লাগিব । লগতে সকলোৱে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক আৰু সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব ।

পঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰা মতে, যদি কোনো কৰ্মচাৰী অথবা শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ লোক মহামাৰীত আক্ৰান্ত হয়, তেন্তে উপযুক্ত নথিসহ তেওঁলোকে এই বিষয়ে জৰুৰীকালীনভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব । এই নিৰ্দেশনা উলংঘন কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে, সুদীৰ্ঘ ৭ মাহৰ পিছত যোৱা ২ নৱেম্বৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদ পুনৰ খোলা হৈছিল ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথম মুখপাত্ৰ এম জি বৈদ্যৰ শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details