নেশ্বনেল ডেস্ক, 5 জানুৱাৰীঃ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ দেওবাৰে বিশ্ববিদ্য়ালয়খনৰ ছাত্ৰ একতা সভা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত সংঘটিত হয় শিলাবৰ্ষণৰ দৰে ঘটনা ৷ ঘটনাক লৈ বিশ্ববিদ্যালয় চৌহদত মোতায়েন কৰা হৈছে অতিৰিক্ত বাহিনী ৷
জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট - জেএনইউৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰীক আক্ৰমণ
দেওবাৰে নিশাৰ ভাগত উত্তপ্ত হৈ পৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌপাশ ৷ বিশ্ববিদ্যালয়খনৰ চৌহদত ছাত্ৰ একতা সভাত সভানেত্ৰী আইছি ঘোষক আক্ৰমণ কৰে এবিভিপিৰ সদস্যই ৷
![জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5605357-900-5605357-1578236263306.jpg)
জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট
ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষক আক্ৰমণ
ঘটনা অনুসৰি, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষক আক্ৰমণ কৰাক লৈয়ে উত্তপ্ত হৈ পৰে সমগ্ৰ শিক্ষানুষ্ঠানখন ৷ ঘটনাত এবিভিপিৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে শিলাবৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হয় এবিভিপিৰ বিৰুদ্ধে ৷ এই ঘটনাত ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইছি ঘোষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাই আয়োজন কৰা এখন সভাত সংঘটিত হয় এই ঘটনা ৷