নিউজ ডেস্ক, 18 নৱেম্বৰ: মাচুল বৃদ্ধিক লৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অব্যাহত আছে প্ৰতিবাদ ৷ সোমবাৰে JNU ৰ উপাচাৰ্য এম জগদীশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে JNU ছাত্ৰ একতা সভাই ৷ ছাত্ৰ একতা সভাই সংসদ ভৱনলৈ বাহিৰ কৰে এক জোৰ সমদল ৷ JNU ত জাৰি কৰা হৈছে 144 ধাৰা ৷ তৎস্বতেও জোৰ সমদল ছাত্ৰ-ছাত্ৰীৰ ৷ কিন্তু বিশ্ববিদ্যালয়ৰ উত্তৰ দুৱাৰমুখতে ছাত্ৰ-ছাত্ৰীক বাধা প্ৰদান দিল্লী আৰক্ষীৰ ৷ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ একতা সভাৰ সভাপতিআইছি ঘোষক (Aishe Ghosh) আটককৰে ৷ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মাচুল বৃদ্ধি কৰাক লৈ যোৱা এসপ্তাহ ধৰি উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়ৰ চৌহদত ৷
উল্লেখ্য যে,বিশ্ববিদ্যালয়খনৰ পূৰ্বৰ প্ৰতিমাহৰ দ্বৈত কোঠালিৰ মাচুল পূৰ্বৰ 10 টকাৰ সলনি এতিয়া 300 টকালৈ বৃদ্ধি কৰা হৈছে ৷ আনহাতে ছিংগল ৰুমৰ ভাড়া 20ৰ পৰা 600 টকালৈ আৰু হোষ্টেলত মেচৰ বাদত ছাত্ৰই ঘূৰাই পাবলগীয়া মাচুলৰ জমা ধন পূৰ্বৰ 5,500 টকাৰ পৰা 12,000 লৈ বৃদ্ধি কৰা হৈছে ৷