নেশ্যনেল ডেস্ক,13 জানুৱাৰী : জে এন ইউক লৈ চলি থকা বিতৰ্কৰ মাজতে পুনৰবাৰ নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাত বৃহৎ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয় জে এন ইউৰ শিক্ষাৰ্থীসকলে ৷
আই ই এছৰ 32 খনৰ ভিতৰত 18 খনতেই জেএনইউৰ শিক্ষাৰ্থী - লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অৰ্থনৈতিক সেৱা পৰীক্ষা
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত প্ৰথম স্থানৰ লগতে 18টা স্থান জেএনইউৰ দখলত ৷ 2019বৰ্ষৰ সৰ্বভাৰতীয় অৰ্থনৈতিক সেৱাৰ পৰীক্ষাত সৰ্বমুঠ 32খন আসনৰ 18খনেই আজুৰি আনে জেনএনইউৱে ৷ প্ৰথম স্থান দখল কৰে অৰ্থনীতি বিভাগৰ এম ফিলৰ ছাত্ৰ অংশুমান কমলিয়াই ৷
বিগত সময়ত বিশ্ববিদ্যালয়খনত চলি থকা প্ৰতিবাদৰ মাজতেই লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকি উঠিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকল ৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সৰ্বভাৰতীয় অৰ্থনৈতিক সেৱা পৰীক্ষাত প্ৰথম স্থানসহ সৰ্বমুঠ 18টা স্থান দখল কৰে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে ৷ উল্লেখ্য যে লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অৰ্থনৈতিক সেৱা পৰীক্ষাত দেশৰ ভিতৰত থাকে মাত্ৰ 32 খন আসন ৷এই 32খন আসনৰ 18 টা স্থান দখল কৰি জে এন ইউৰ ওপৰত উত্থাপিত হোৱা সকলো প্ৰশ্নৰে উত্তৰ দিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে ৷ 2019 ৰ এই পৰীক্ষাত প্ৰথম স্থান দখল কৰে উৰিষ্যাৰ বাসিন্দা তথা বিশ্ববিদ্যালয়খনৰ অৰ্থনীতি এম ফিলৰ ছাত্ৰ অংশুমান কমলীয়াই ৷
আৰু পঢ়ক : খে’ল ইণ্ডিয়া 2020: তৃতীয় দিনা জুড’ত সফলতা দিল্লী-গুজৰাটৰ